ETV Bharat / state

ছাত্ৰ বৃত্তি কেলেংকাৰী : বৰপেটাত অপৰাধ অনুসন্ধান শাখাৰ অভিযান - অভিযান

শুকুৰবাৰে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰীৰ তদন্তৰ বাবে বৰপেটাত উপস্থিত হয় অপৰাধ অনুসন্ধান শাখাৰ এটা দল ৷ বৰপেটাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান চলাই কেতবোৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে কাৰ্যালয়টোত ব্যৱহৃত এটা লেপটপ জব্দ কৰে দলটোৱে ৷

barpeta cid operation
বৰপেটাত অপৰাধ অনুসন্ধান শাখাৰ অভিযান
author img

By

Published : Nov 13, 2020, 10:05 PM IST

বৰপেটা,13 নৱেম্বৰ : সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনক লৈ ৰাজ্যৰ কেওদিশে বৃহৎ কেলেংকাৰী ৷ এইবাৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰীৰ তদন্তৰ বাবে শুকুৰবাৰে বৰপেটাত উপস্থিত হয় অপৰাধ অনুসন্ধান শাখাৰ এটা দল ৷

গুৱাহাটীৰ পৰা 4 জনীয়া এটা অপৰাধ অনুসন্ধান শাখাৰ দলে বৰপেটাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰম্ভ কৰে অভিযান ৷ দলটোৱে কাৰ্যালয়ৰ পৰা জব্দ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷ লগতে কাৰ্যালয়টোত ব্যৱহৃত এটা লেপটপ জব্দ কৰিছে দলটোৱে ৷

বৰপেটাত অপৰাধ অনুসন্ধান শাখাৰ অভিযান

উল্লেখ্য যে, বৰপেটা জিলাতো সংঘটিত হৈছে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ব্যাপক অনিয়ম ৷ জিলাখনৰ একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু শিক্ষা বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত বৰপেটা জিলাৰ বিভিন্ন বিদ্যালয়ত সংঘটিত হৈছে কোটি কোটি টকাৰ কেলেংকাৰী ৷ একাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে ভুৱা ছাত্ৰৰ নামত উলিয়াই নিছে ছাত্ৰ বৃত্তিৰ নামত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা বৃত্তিৰ ধন ৷

শুকুৰবাৰে বিয়লিৰে পৰা আৰম্ভ হোৱা এই অভিযানক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ সৈতে জড়িত থকাসকলৰ উপযুক্ত শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : কৰিমগঞ্জত ভূ-মাফিয়াৰ দপদপনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.