ETV Bharat / state

বৰপেটা চাইল্ড লাইনে উদ্ধাৰ কৰিলে 15 বছৰীয়া কিশোৰীক

author img

By

Published : May 4, 2021, 1:42 PM IST

চৰকাৰে বাল্য বিবাহ ৰোধৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে বৰপেটা জিলাৰ জনীয়াত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা ৷ এমাহ পূৰ্বে কলগাছিয়াৰ লাচাংগা গাঁৱৰ এগৰাকী 15 বছৰীয়া কিশোৰীক বিবাহ-পাশত আৱদ্ধ কৰোৱা হৈছিল একে গাঁৱৰে আবেদ আলী নামৰ এজন যুৱকৰ সৈতে ৷

বৰপেটা চাইল্ড লাইনে উদ্ধাৰ কৰিলে 15 বছৰীয়া কিশোৰীক
বৰপেটা চাইল্ড লাইনে উদ্ধাৰ কৰিলে 15 বছৰীয়া কিশোৰীক

জনীয়া, 4 মে': বাল্য বিবাহ এক সামাজিক ব্যাধি ৷ একবিংশ শতিকাৰ সমাজ ব্যৱস্থাতো ৰাজ্যত সংঘটিত হৈ আহিছে ইখনৰ পাচত সিখনকৈ বাল্য বিবাহ ৷ পুনৰ বৰপেটা জিলাৰ জনীয়াত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা ৷ ঘটনা অনুসৰি, কলগাছিয়াৰ লাচাংগা গাঁৱৰ এগৰাকী কিশোৰীক এমাহ পূৰ্বে একে গাঁৱৰে আবেদ আলী নামৰ এজন যুৱকৰ সৈতে বিবাহ-পাশত আৱদ্ধ কৰোৱা হৈছিল ৷ তাৰ পাচতে এই ঘটনা সমগ্ৰ জিলাখনত বিয়পি পৰাত বৰপেটা চাইল্ড লাইনে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷

চৰকাৰে বাল্য বিবাহ ৰোধৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে মঙলবাৰে পুৱাৰ ভাগত বৰপেটা জিলা চাইল্ড লাইনৰ সমন্বয়ক মইনুল হক খানৰ লগত যোৱা দল এটিয়ে লাচাংগা গাঁৱৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰি শিশু সুৰক্ষা গৃহলৈ লৈ যোৱাৰ লগতে ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ স্বামী আৰু পিতৃ-মাতৃৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: মৰাণত চাঞ্চল্যকৰ হত্যাকাণ্ড: 3জনক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.