ETV Bharat / state

উন্নয়নৰ পোহৰ নপৰা বৰপেটাৰ এখন গাঁও - উন্নয়নৰ পোহৰ নপৰা বৰপেটাৰ এখন গাঁও

অতি দুৰ্গম যাতায়ত ব্যৱস্থাৰ বাবে চেঙা মুছলমান গাঁৱৰ চাউলখোৱা পাৰৰ ৰাইজে সাঁকোৰ ওপৰেৰে এগৰাকী বৃদ্ধাক চিকিৎসাৰ বাবে নিবলগীয়া হৈছে ৰাইজে ৷ গাঁৱখনৰ সৈতে যোগাযোগ স্থাপনৰ বাবে পকী দলঙৰ অভাৱৰ বাবে বিপদৰ সময়ত উপস্থিত হ’ব নোৱাৰে এম্বুলেঞ্চ সেৱা ৷

Barpeta Chenga village poor bridge
উন্নয়নৰ পোহৰ নপৰা বৰপেটাৰ এখন গাঁও
author img

By

Published : Nov 26, 2019, 11:48 PM IST

বৰপেটা, 26 নৱেম্বৰঃ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ এখন গাঁৱৰ ৰাইজে আজি পৰ্যন্ত দেখা নাই উন্নয়নৰ মুখ ৷ অতি দুৰ্গম যাতায়ত ব্যৱস্থাৰ বাবে চেঙা মুছলমান গাঁৱৰ চাউলখোৱা পাৰৰ ৰাইজে সাঁকোৰ ওপৰেৰে এগৰাকী বৃদ্ধাক চিকিৎসাৰ বাবে নিবলগীয়া হৈছে ৰাইজে ৷ গাঁৱখনৰ সৈতে যোগাযোগ স্থাপনৰ বাবে পকী দলঙৰ অভাৱৰ বাবে বিপদৰ সময়ত উপস্থিত হ’ব নোৱাৰে এম্বুলেঞ্চ সেৱা ৷ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাৰ বাবেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷ আনহাতে যাতায়াতৰ একমাত্ৰ সমল এই সাঁকোখনো ৰাইজে নিজৰ গাঁথিৰ ধন ভাঙি সাজি উলিয়াইছিল ৷

চেঙা মুছলমান গাঁৱৰ ৰাইজৰ ভাষ্য

উল্লেখ্য যে,বাৰম্বাৰ অৱগত কৰাৰ পিছতো ৰাইজৰ এইসমূহ বিপদক আঁওকাণ কৰাৰ বাবে বিধায়ক শুকুৰ আলী আহমেদৰ ওপৰত ক্ষোভ স্থানীয় লোকৰ ৷ সেয়েহে চাউলখোৱা পাৰৰ ৰাইজে এখন পকী দলঙৰ বাবে আহ্বান জনাইছে চৰকাৰক ৷

আৰু পঢ়ক- তেজপুৰত যৌতুকৰ দাবীত পত্নীক নিৰ্যাতন স্বামীৰ

Intro:
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে ৰাজ্যিক পৰা অবধৈ কাৰ্যকলাপ আৰু চিণ্ডিকেট ৰাজ বন্ধ কৰা বাবে বীৰত্বৰে ঘোষণা কৰি আহিছে যদিও আজি পৰ্যন্ত অসমত বন্ধ নহ'ল অবধৈ কাৰ্যকলাপ । ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালভাৱে ডিব্ৰুগড় খোৱাঙত বন বিভাগৰ ছত্ৰ ছাঁয়াতে চলিছে অবৈধ বালি-পলস খনন । মৰাণ বিধান সভাৰ খোৱাঙ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত দীঘলীয়া হোলাত বুঢ়ীদিহিং নদীত একাংশ বালি মাফিয়াই চলাই থকা এই অবৈধ বালি খননে সম্প্ৰতি নদীৰ দাঁতিকাষৰীয়া ৰাইজলৈ ভাবুকি কঢ়িয়াইছে । স্থানীয় ৰাইজে বছৰৰ পাছত বছৰ এই অবধৈ বালি মহল বন্ধ কৰিবলৈ জিলা প্ৰশাসনক লগতে বন বিভাগক অনুৰোধ কৰি আহিছে যদিও ৰাইজৰ অভিযোগক কোনেও গুৰুত্ব দিয়া নাই আজি পৰ্যন্ত । দৈনিক প্ৰায় শতাধিক সৰু বৰ বালি কঢ়িয়াই অনা গাড়ী বুঢীদিহিং মথাউৰিৰ উপৰেৰে পাৰ হোৱাত জৰাজীৰ্ণ হৈ থকা মথাউৰিটো তেনেই তথৈবচ হৈ পৰিছে । কেৱল ইমানেই নহয় বালি কঢ়িয়াই অনা ট্ৰাক-ডাম্পাৰ বিলাকে খোৱাঙৰ মৰিয়া আলিটোও শোচনীয় কৰি পেলাইছে । ক্ৰমান্বয়ে গৰাখহনীয়াৰ কাৰক হৈ পৰা এই অবৈধ বালিৰ মহলটোৰ বিষয়ে বন বিভাগক বাৰম্বাৰ অৱগত কৰি থকা হৈছে যদিও বনবিভাগে চকু মুদা কুলিৰ ভাও ধৰি থকা পৰিলক্ষিত হৈছে । কেৱল মাত্ৰ কমিচনৰ অংকত কেইজনমান বালি মাফিয়াই বন বিভাগ আৰু ৰাজনৈতিক নেতাক মেনেজ কৰি নিৰ্বিবাদে চলাই গৈছে এই অবৈধ ব্যৱসায় । কাৰণ পুৱতি নিশাৰ পৰা সন্ধিয়া লৈকে খোৱাঙৰ এই দিঘলীয়া হোলা বালি মহলৰ পৰা অবধৈ ভাৱে বালি কঢ়িয়াই থকা হয় ।বিশেষ সূত্ৰে জানিব পৰা মতে বালি মাফিয়াই ৫০০ পৰা ১০০০ টকা বিনা ৰচিদত প্ৰতিখন বালি গাড়ীৰ পৰা অবধৈ ভাৱে সংগ্ৰহ কৰি আছে । খোৱাঙ আঞ্চলিক বন বিভাগে এই অবধৈ ব্যৱসায়টোৰ বিষয়ে ভালদৰে অৱগত আৰু গোপনে বালি মাফিয়াৰ লগত বন বিষয়াৰ মিতিৰালী থকা বাবেই কেইজনমান লোকে বিনা বাধাৰে নিজ ইচ্ছা অনুসৰি বালি গাড়ীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ সাহস কৰিব পাৰিছে । বন বিভাগৰ লোক উক্ত খনন স্থানলৈ মাজে যায় যদিও বালি মাফিয়াই বন বিভাগৰ লোক যোৱাৰ আগতীয়া উমান পায় আৰু সেই সময়ত বালি খনন বন্ধ ৰাখে । ইযাৰ পৰাই প্ৰমান হয় বান বিভাগৰ আশীৰ্বাদতে যে অবধৈ বালি মহলটো চলি আছে । ইফালে বন বিভাগলৈ জিলা প্ৰশাসনৰ নিৰ্দেশ আহিলে বন বিভাগে কেইখনমান বালি ভৰ্তি গাড়ী জব্দ কৰি বাঃ বাঃ ল'ব বিচাৰে যদিও বালিৰ অবৈধ ব্যৱসায়টোক লৈ নাটক কৰি থকা বন বিভাগক লৈ কিন্তু মুঠেই সন্তুষ্ট নহয় খোৱাঙৰ ৰাইজ । এই অবধৈ বালি খননৰ বাবে স্থানীয় বিধায়ক চক্ৰধৰ গগৈলৈও সন্দেহৰ আঙুলি টোৱাইছে ৰাইজে । বিধায়ক জনে এই অবৈধ বালি ব্যৱসায়টোৰ কথা জানে যদিও এই অবধৈ খনন বন্ধ কৰিবলৈ আজিলৈকে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহ'ল । নিজৰ সমষ্টিত ৫০০ পকা ১০০০ টকা কৈ প্ৰতিখন বালি গাডী পৰা ধন সংগ্ৰহ কৰি চলাই থকা এটা বালিৰ অবধৈ মহল বন্ধ কৰিবলৈ বিধায়ক জনে চাৰিটা বছৰে কোনো প্ৰদক্ষেপ নোলোৱাত বিষয়টোৱে সাধাৰণ ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে । ইফালে খোৱাঙৰ জাতীয় সংগঠন সমূহেও এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে । খোৱাঙৰ দীঘলীয়া হোলাত চলা বুঢিদিহিং নদীৰ এই অবৈধ বালি খনন জিলা প্ৰশাসন বা চৰকাৰে ৰোধ কৰিবৰ বাবে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে পৰিলক্ষিত হ'ব ।

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.