ETV Bharat / state

অগপৰ পৰিৱৰ্তে বৰপেটাত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী

author img

By

Published : Feb 5, 2021, 7:59 PM IST

বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালত বৰপেটা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত অগপৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ বৰপেটা জিলা বিজেপিৰ ৷ সেয়েহে আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজপিৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী উত্থাপন কৰিছে বিজেপিৰ দলীয় কৰ্মকৰ্তাই ৷

as_bar_barpeta-bjp-demands-party-candidate-from-barpeta-constituency_vis_as10038
অগপৰ পৰিৱৰ্তে বৰপেটাত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী

বৰপেটা,5 ফেব্ৰুৱাৰী: শুকুৰবাৰে বৰপেটাত বিজেপিৰ এক বিশাল কৰ্মী সন্মিলন অনুষ্ঠিত কৰা হয় ৷ প্ৰায় 3000 বিজেপি কৰ্মী আৰু পৃষ্ঠা প্ৰমুখৰ উপস্থিতিত অনুষ্ঠিত হোৱা সন্মিলনত বিজেপিৰ প্ৰায় প্ৰতিগৰাকী নেতাই বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালত বৰপেটা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত অগপৰ বিধায়কগৰাকী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজপিৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী উত্থাপন কৰে দলীয় কৰ্মকৰ্তাই ৷ বৰপেটাত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে ৰাজ্যিক সমিতিৰ লগতে ৰাষ্ট্ৰীয় সমিতিকো এই বিষয়ে অৱগত কৰিছে বিজেপিৰ বৰপেটা জিলা সমিতিয়ে ৷ বটদ্ৰৱা সত্ৰৰ উন্নয়ন বিপৰীতে বৰপেটা সত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়কগৰাকী বিফল হোৱা বুলি দাবী কৰে বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাসে ৷

আনহাতে, বিজেপিৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক নৱ কুমাৰ দাসে অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে বিজেপিৰ কাৰ্মকৰ্তাসকলক অৱজ্ঞা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ পৃষ্ঠা প্ৰমুখ সন্মিলনৰ জৰিয়তে বিজেপিয়ে বৰপেটাত ২১ৰ বিধানসভা ৰণডংকা বজোৱা বুলি ঘোষণা কৰি বিজেপিৰ জিলা সম্পাদক নৱকুমাৰ দাসে ২১ৰ নিৰ্বাচনত বৰপেটাত বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷ ইপিনে বিজেপিৰ বৰপেটা সমষ্টিৰ প্ৰভাৰী সঞ্জয় মজুমদাৰেও সমষ্টিটোৰ ধৰ্মীয় সংখ্যালঘু সকলৰ সমৰ্থনত বৰপেটাত বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷

লগতে পঢ়ক-ৰাজ্যৰ বান ব্যৱস্থাপনাৰ বাবে 1286.39 কোটি আৱন্টন একাদশ বিত্তীয় আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.