ETV Bharat / state

বিদেশী ন্যায়াধিকৰণ বৰ্জন বৰপেটা উকীল সন্থাৰ

বৰপেটা উকীল সন্থাই ঘোষণা কৰিছে বিদেশী ন্যায়াধিকৰণ বৰ্জন কাৰ্যসূচী । প্ৰচলিত আইনৰ ভিত্তিত গোচৰ পৰিচালনা নোহোৱাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ । লাখ লাখ ডি ভোটাৰৰ গোচৰ অমীমাংসিত হৈ থকাৰ সময়তে বৰপেটাৰ অধিবক্তাসকলৰ এই ন্যায়াধিকৰণ বৰ্জন প্ৰতিবাদ কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

BARPETA ADVOCATE ASSOCIATION
author img

By

Published : Apr 30, 2019, 4:37 PM IST

বৰপেটা, ৩০ এপ্ৰিল: ৰাজ্যত এনআৰচি, ডি ভোটাৰ, বিদেশী হিচাপে চিহ্নিত নাগৰিকৰ অন্তৰ্ধান আদি বিষয়সমূহক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে বৰপেটা উকীল সন্থাই বৰ্জন কৰিছে বিদেশী ন্যায়াধিকৰণ । বিদেশী ন্যায়াধিকৰণ সমূহত প্ৰচলিত আইনৰ ভিত্তিত গোচৰ পৰিচালনা নোহোৱাৰ প্ৰতিবাদত এই বৰ্জন কাৰ্যসূচী ঘোষণা কৰিছে উকীল সন্থাটোৱে । লাখ লাখ ডি ভোটাৰৰ গোচৰ অমীমাংসিত হৈ থকাৰ সময়তে বৰপেটাৰ অধিবক্তাসকলৰ এই ন্যায়াধিকৰণ বৰ্জন প্ৰতিবাদ কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

BARPETA ADVOCATE ASSOCIATION

অধিবক্তাসকলে অভিযোগ কৰা মতে, বিদেশী ন্যায়াধিকৰণত গোচৰৰ প্ৰক্ৰিয়া অতি লেহেমীয়া হোৱাৰ ফলত ডি ভোটাৰ সকলৰ লগতে পৰিয়ালবৰ্গও ন্যায় লাভৰ পৰা বঞ্চিত হয় ৷ বিশেষকৈ গোচৰ চলি থকা সময়ত বিচাৰাধীন লোক আৰু অধিবক্তাসকলো হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় ৷ বিদেশী ন্যায়াধিকৰণৰ এনে আচৰনত অতিষ্ঠ হৈয়ে অধিবক্তাসকলে বৰ্জন ঘোষণা কৰে ৷

বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ স্বাৰ্থত প্ৰচলিত আইনৰ ভিত্তিত গোচৰ পৰিচালনা কৰা আৰু ন্যায়াধিকৰণৰ সহযোগ দাবী কৰি এদিনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন ঘোষণা কৰিছে অধিবক্তা সকলে ৷ এই দাবী পুৰণ নহ'লে পৰৱৰ্তীসময়ত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহনৰ হুংকাৰ দিছে বৰপেটা উকীল সন্থাই ৷

Slug:      as_bar_30apr_advocate_assocition_boycott_ft_court_vis1+bite1_7203841                       
বিদেশী ন্যায়াধীকৰণ বৰ্জন বৰপেটা উকীল সন্থাৰ

বৰপেটা, ৩০ এপ্ৰিলঃ এনআৰচি, ডি ভোটাৰ, বিদেশী হিচাপে চিহ্নিত নাগৰিকৰ অন্তৰ্ধান আদি বিষয়সমুহক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে বৰপেটাত বিদেশী ন্যায়াধিকৰণ বৰ্জন বৰপেটা উকীল সন্থাৰ ৷ বিদেশী ন্যায়াধিকৰনসমূহত প্ৰচলিত আইনৰ ভিত্তিত গোচৰ পৰিচালনা নোহোৱাৰ প্ৰতিবাদ বৰপেটাৰ উকীল সন্থাৰ ৷  গোচৰ মীমাংসাৰ ক্ষেত্ৰত ন্যায়াধিকৰনৰ সহযোগ নোপোৱাৰ প্ৰতিবাদকল্পে বৰপেটা উকীল সন্থাই কৰিলে ন্যায়াধিকৰন বৰ্জন ৷ যিসময়ত লাখ লাখ ডি' ভোটাৰৰ গোচৰ অমীমাংসিত হৈ পৰি ৰৈছে, তেনে সময়তে বৰপেটাৰ অধিবক্তাসকলৰ এই ন্যায়াধীকৰন বৰ্জন প্ৰতিবাদ কাৰ্যসূছীয়ে বহন কৰিছে বিশেষ তাৎপৰ্য ৷ 
অধিবক্তাসকলৰ অভিযোগ, বিদেশী ন্যায়াধিকৰনত গোচৰৰ প্ৰক্ৰিয়া অতি লেহেমীয়া ৷ যাৰ বাবে ন্যায় লাভত বঞ্চিত হবলগীয়া হয় ডি ভোটাৰৰ লগতে পৰিয়ালৰ লোকসকল ৷ বিশেষকৈ ন্যায়াধিকৰনত গোচৰ চলি থকা লোকসকলৰ ভোটাৰ তালিকাৰ মূল্যায়ন (ভেৰিফিকেছন) ৰ নামত হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হয় বিচাৰাধীন লোক আৰু অধিবক্তাসকল ৷ এইক্ষেত্ৰত বিদেশী ন্যায়াধিকৰনৰ আচৰনত অতিষ্ঠ হৈ অধিবক্তাসকল নামিল ন্যায়াধিকৰন বৰ্জনত ৷ বিচাৰপ্ৰক্ৰিয়া ত্বৰান্বিত হোৱাৰ স্বাৰ্থত প্ৰচলিত আইনৰ ভিত্তিত গোচৰ পৰিচালনা কৰা আৰু ন্যায়াধিকৰনৰ সহযোগ দাবী কৰি এদিনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহনৰ পথ ললে অধিবক্তাসকলে ৷ তেওলোকৰ দাবী পূৰন নহলে পৰৱৰ্তীসময়ত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহনৰ হুংকাৰ দিছে বৰপেটা উকীল সন্থাই ৷

বাইটঃ সম্পাদক, বৰপেটা উকীল সন্থা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.