ETV Bharat / state

বৰপেটাত আছুৰ বিক্ষোভ প্ৰদৰ্শন - বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী

প্ৰধানমন্ত্ৰীৰ আগমণৰ দিনটোতে বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আছুৰ । অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰা, বৃহৎ নদী বান্ধৰ সমস্যা সমাধান কৰা আৰু বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন । ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'লে জিলাখনৰ আছুৰ সদস্যসকলে ।

বৰপেটাত আছুৰ বিক্ষোভ প্ৰদৰ্শন
বৰপেটাত আছুৰ বিক্ষোভ প্ৰদৰ্শন
author img

By

Published : Feb 22, 2021, 9:04 PM IST

বৰপেটা, ২২ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনটোতে ৰাজ্যজুৰি প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা । বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগতো আছুৰ সদস্যসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ, বৃহৎ নদী বান্ধৰ সমস্যা সমাধান কৰা আৰু বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

বৰপেটাত আছুৰ বিক্ষোভ প্ৰদৰ্শন

ক'লা বেজ পৰিধান কৰি আৰু ক'লা পতাকা উৰুৱাই বৰপেটা জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এমাহৰ ভিতৰতে তিনিবাৰকৈ অসম ভ্ৰমণৰ বাবে অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰিষা অসমৰ বানাক্ৰান্তৰ কাষত কিয় উপস্থিত নহ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে আছুৰ সদস্যসকলে ।

আনহাতে, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী হিচাপে থকাৰ সময়তো চুক্তি ৰূপায়নৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে । লগতে মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ৰাইজৰ মাজত বিভ্ৰান্তি বিয়পাবলৈহে চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিলে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে ৷

লগতে পঢ়ক:মাৰ্চত ঘোষণা হ’ব পাৰে বিধানসভা নিৰ্বাচনৰ দিন: মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.