ETV Bharat / state

বৰপেটা দৌল মহোৎসৱ উপলক্ষে গোন্ধ যাত্ৰা - বৰপেটা দৌল মহোৎসৱ

বৰপেটা দৌল মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে আয়োজন কৰা হয় গোন্ধ যাত্ৰা বা বহ্নুৎসৱ ৷ দেওবাৰে বিয়লি প্ৰায় ৪ বজাৰ পৰা আৰম্ভ হয় গোন্ধ যাত্ৰাৰ ৷

বৰপেটা
বৰপেটা দৌল মহোৎসৱ উপলক্ষে গোন্ধ যাত্ৰা
author img

By

Published : Mar 8, 2020, 6:26 PM IST

বৰপেটা, ৮ মাৰ্চঃ দেওবাৰৰ পৰা আৰম্ভ হৈছে বৰপেটা সত্ৰৰ দৌল মহোৎসৱ ৷ দৌলৰ উৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে আয়োজন কৰা হয় গোন্ধ যাত্ৰা বা বহ্নুৎসৱ ৷ দেওবাৰে বিয়লি প্ৰায় ৪ বজাত সত্ৰৰ মনিকূট গৃহৰ পৰা দৌল গোবিন্দ মহাপ্ৰভূক পূব-দুৱাৰেৰে আৰু কলীয়া ঠাকুৰ গোঁসাইক কীৰ্তনঘৰৰ উত্তৰ-দুৱাৰেৰে মঠৰ চোতাললৈ উলিয়াই অনা হয় ৷

বৰপেটা দৌল মহোৎসৱ উপলক্ষে গোন্ধ যাত্ৰা

সত্ৰৰ পূজাৰীয়ে কোচত তুলি গায়ন-বায়নৰ সৈতে মঠৰ চোতাললৈ সম্পূৰ্ণ ভক্তিৰে উলিয়াই বৰ শৰাইত ৰাখি অধিবাস সম্পন্ন কৰা হয় ৷ অধিবাস সম্পন্ন কৰাৰ পিচতেই সন্ধিয়া টুপৰ চোতালত গোঁসাইক মেজি পুওৱা হ'ব বুলি জানিবলৈ দিয়ে ৷ আনহাতে, মেজিৰ চাৰিওপিনে সাতপাক গোঁসাইক প্ৰদক্ষিন কৰোৱা পাচতেই গোঁসাইক দৌলত আৰোহন কৰোৱা হয় ৷ দৌলত সাতপাক প্ৰদক্ষিন কৰি গোঁসাই দৌলত আৰোহনৰ পিচতেই দুয়োজনা গোঁসাইক চৌদালাত অধিষ্ঠিত কৰা হ'ব ৷ এইবেলি নক্ষত্ৰ গণনা অনুসৰি গোঁসাইক নিশা ১-৪৫ বজাত চৌদালাত অধিষ্ঠিত কৰা হ'ব ৷ ইপিনে সোমবাৰ আৰু মঙলবাৰে ভৰ দৌল ৷ সোমবাৰে দিনৰ ১১ বজাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই দৌলৰ চৌদালাত বিৰাজমান দুয়োজনা গোঁসাইক ফাকু চটিয়াই সেৱা জনাব ৷ ইয়াৰ পিচৰেপৰাই ৰাইজে দৌলত থকা গোঁসাইক ফাকু আগবঢ়াই সেৱা জনাব বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷

আৰু পঢ়কঃ বৰপেটাৰ দৌল মহোৎসৱ অংশগ্ৰহণ ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.