ETV Bharat / state

শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপস্থিতিত চলিছে এখন বিদ্যালয় - balaipathar anchalik girls me madrassa

বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন মাদ্ৰাছা(Madrassa)ত নাই শিক্ষক আৰু শিক্ষাৰ্থী ৷ মাদ্ৰাছাখনত প্ৰধান শিক্ষক দেলোৱাৰ হুছাইনৰ উপৰিও আন তিনিগৰাকী শিক্ষক আছে যদিও শিক্ষাৰ্থীৰ সংখ্যা শূণ্য ৷ মাদ্ৰাছাখনৰ এই অৱস্থা দেখি শংকিত সচেতন ৰাইজ ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

balaipathar-anchalik-girls-me-madrassa-is-running-in-the-absence-of-teachers-and-students
শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপস্থিতিত চলিছে এখন বিদ্যালয়
author img

By

Published : Nov 21, 2021, 2:06 PM IST

জনীয়া, 21 নৱেম্বৰ : শিক্ষক আৰু শিক্ষাৰ্থী অবিহনেই চলিছে এখন বিদ্যালয় ৷ বিদ্যালয়খনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিয়ে এতিয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে শিক্ষিত সমাজত ৷ এই দৃশ্য পৰিলক্ষিত হৈছে বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বলাইপাথাৰ আঞ্চলিক ছোৱালী এম ই মাদ্ৰাছা(Balaipathar Anchalik Girls ME Madrassa)ত ৷

শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপস্থিতিত চলিছে এখন বিদ্যালয়

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অনুপস্থিতিতেই চলি আছে মাদ্ৰাছা(Madrassa)খন ৷ জানিব পৰা মতে, মাদ্ৰাছাখনত প্ৰধান শিক্ষক দেলোৱাৰ হুছাইনৰ উপৰিও আন তিনিগৰাকী শিক্ষক আছে যদিও ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল শূণ্য । ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্য চৰকাৰে বিদ্যালয়-মহাবিদ্যালয়সমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে ৷

সেইমৰ্মে ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এই মাদ্ৰাছাখনো খুলিছে যদিও মাদ্ৰাছাখনত উপস্থিত নাথাকে কোনো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী । মাদ্ৰাছাখনৰ এনে নাভূত-নাশ্ৰুত কাণ্ডক লৈ চিন্তিত হৈ পৰিছে স্থানীয় সচেতন ৰাইজ । আনকি মাদ্ৰাছাখনত সপ্তাহত এদিন উপস্থিত থাকি হাজিৰা বহীত চহী কৰি দায়িত্ব সামৰে প্ৰধান শিক্ষক দেলোৱাৰ হুছাইনে । এই অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

ইয়াৰোপৰি, বিভাগীয় তদন্তৰ সময়ত একাংশ ভাড়াতীয়া ছাত্ৰ-ছাত্ৰীৰে প্ৰধান শিক্ষকগৰাকীয়ে মাদ্ৰাছা চলায় বুলি একাংশ ৰাইজে অভিযোগ তুলিছে । শীঘ্ৰেই প্ৰধান শিক্ষকজনৰ ওপৰত দৃষ্টি ৰাখিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে সচেতন ৰাইজে ৷

লগতে পঢ়ক : কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে চাৰি শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.