পাটাছাৰকুছি,4 ডিচেম্বৰঃ পাঠশালা চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত এটা পিচপৰা অঞ্চল হৈছে বালাপাৰা ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কালদিয়া নদীৰ পাৰত প্ৰায় ৫০ বিঘা অঞ্চল বিস্তৃত এই ঠাইডোখৰত উদীয়মান যুৱক হিৰেণ কলিতাৰ নেতৃত্বত নতুনকৈ গঢ়ি উঠিছে এক বনভোজ স্থলী । হিৰেণ কলিতাৰ নেতৃত্বত এহাল তৰুণ যুৱক যুৱতীয়ৰ প্ৰচেষ্টাত এই ঠাইত বনভোজস্থলীৰ লগতে শিশুৰ মনোৰঞ্জনৰ বিভিন্ন ব্যৱস্থা কৰা হৈছে ।

যান্ত্ৰিকতাৰ যুগৰ পৰা সাময়িক সকাহৰ বাবে এক অনাবিল প্ৰাকৃতিক পৰিৱেশত যাতে সময় পাৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে উদ্যোগতাসকলে ৷ বৃহস্পতিবাৰে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই উদ্বোধন কৰা এই কালদিয়া বনানীত উপস্থিত থাকে অসম চৰকাৰৰ বন আৰু পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ আনন্দ খাটনিয়াৰ ,পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড৹ ৰঞ্জিত ডেকা আদিকে কৰি বিভিন্ন ব্যক্তি ৷
লগতে পঢ়ক-কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী