ETV Bharat / state

ভৱানীপুৰত উপ-নিৰ্বাচন : ভোটগ্ৰহণৰ বাবে সাজু বজালী জিলা প্ৰশাসন - ভৱানীপুৰ সমষ্টি

ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন(By Election)ৰ ভোটগ্ৰহণৰ বাবে সাজু বজালী জিলা প্ৰশাসন(Bajali District Administration) ৷ শুকুৰবাৰে পুৱাৰ ভাগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় নিৰ্বাচনী দায়িত্বত থকা প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল ৷ ভৱানীপুৰ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 213 টা ।

bajali-district-administration-is-ready-for-bypolls
ভোটগ্ৰহণৰ বাবে সাজু বজালী জিলা প্ৰশাসন
author img

By

Published : Oct 29, 2021, 1:59 PM IST

পাঠশালা, 29 অক্টোবৰ : শনিবাৰে ৰাজ্যৰ 5 টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন(By Election)ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে পাঁচোটা সমষ্টিৰ বিষয়া-কৰ্মচাৰীসকল ৷ ইয়াৰ সমান্তৰালকৈ ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)তো হ’বলগীয়া ভোটগ্ৰহণৰ বাবে শুকুৰবাৰে পুৱাৰ ভাগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল ৷

ই ভি এম(EVM)ৰ লগতে ভোটগ্ৰহণত ব্যৱহৃত যাৱতীয় সা-সৰঞ্জাম লৈ বজালীত উপস্থিত হয় ভোটগ্ৰহণৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকল ৷ ইফালে আইন-শৃংখলাৰ দায়িত্বত থকা আৰক্ষী তথা সুৰক্ষা বাহিনীৰ জোৱানসকলেও নিজ নিজ কৰ্তব্যৰ বুজ লোৱা পৰিলক্ষিত হৈছে ৷ ভৱানীপুৰ সমষ্টিৰ ভোটগ্ৰহণক লৈ পূৰ্ণ প্ৰস্তুতি চলাইছে বজালী জিলা প্ৰশাসন(Bajali District Administration)য়ে ৷

ভোটগ্ৰহণৰ বাবে সাজু বজালী জিলা প্ৰশাসন

ভৱানীপুৰ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 213 টা । ইয়াৰ ভিতৰত মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ থাকিব 5 টা, 2 টা হৈছে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ ৷ আনহাতে, ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং আৰু প’লিং বিষয়া থাকিব 1024 গৰাকী ৷ জোনেল বিষয়া 5 গৰাকী, চেক্টৰ বিষয়া থাকিব 22 গৰাকী ৷

উল্লেখ্য যে, 19 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ নিৰ্বাচন আয়োগ(Election Commission)য়ে পোষ্টেল বেলটযোগে ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে । সেইমৰ্মে ভৱানীপুৰ সমষ্টিত ঘৰে ঘৰে গৈ সংগৃহীত মুঠ ভোটৰ সংখ্যা হৈছে 597 টা ৷ ইয়াৰে 625 গৰাকী জ্যেষ্ঠ নাগৰিকৰ ভিতৰত 591 গৰাকীৰহে ভোটদান সম্পন্ন হৈছে ৷ আনহাতে, 7 গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ ভিতৰত 6 গৰাকীৰ ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : তামুলপুৰত উপ-নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি বাক্সা জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.