ETV Bharat / state

সৰুক্ষেত্ৰীৰ বৰবালাত এআইইউডিএফৰ কৰ্মী সভা সম্পন্ন

author img

By

Published : Nov 20, 2020, 8:33 PM IST

শুকুৰবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰবালাত বজাৰত অনুষ্ঠিত সভাত উপস্থিত থাকি জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে বিজেপি চৰকাৰে পাঁচ বছৰীয়া কাৰ্যকালত সৰ্ব দিশতে ব্যৰ্থ হৈ অসমৰ জনসাধাৰণক বদৰুদ্দিনৰ ভীতি দেখুৱাই বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন কৰে ।

bajali-aiudf-meeting
সৰুক্ষেত্ৰীৰ বৰবালাত এআইইউডিএফৰ কৰ্মী সভা সম্পন্ন

বজালী,20 নবেম্বৰ: শুকুৰবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰবালাত বজাৰত এআইইউডিএফ দলৰ এখনি কৰ্মীসভা অনুষ্ঠিত হয় । এআইইউডিএফৰ সৰুক্ষেত্ৰী সমষ্টিৰ কমিটিৰ উদ্যোগত আৰু পশ্চিম বেতবাৰী গাঁও পঞ্চায়ত কমিটিৰ সহযোগত সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ সভাপতি আলেপ খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত দলৰ শাখা তথা নৱ গঠিত ছাত্র মৰ্চা আৰু মহিলা মৰ্চাৰ পৰিচয় পৰ্ব অনুষ্ঠিত হয় ।

উক্ত সভাত উপস্থিত থাকি জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে বিজেপি চৰকাৰে পাঁচ বছৰীয়া কাৰ্যকালত সৰ্বদিশতে ব্যৰ্থ হৈ অসমৰ জনসাধাৰণক বদৰুদ্দিনৰ ভীতি দেখুৱাই বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন কৰে । এই সভাত দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকলৰ উপৰিও মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত চম্পক কলিতা,বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম,ছাত্র মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জিলা সভাপতি মুফতি শ্বামচ উদ্দিন আহমেদ,সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুন,সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মিনাক্ষী ৰহমান ।

লগতে পঢ়ক: চাইকেলেৰে বিশ্বনাথৰ পৰা ডিব্ৰুগড়ত উপস্থিত সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.