জনিয়া,31 জানুৱাৰী: বৰপেটা জিলাৰ বাঘবৰ আলু উৎপাদনৰ অন্যতম অঞ্চল । প্ৰতিবছৰৰ দৰে এইবেলিও বৃহত্তৰ বাঘবৰত হাজাৰ হাজাৰ বিঘা আলু খেতি কৰিছিল কৃষকসকলে । কিন্তু বৰ্তমান পানীৰ দামত আলু বিক্ৰী কৰি লোকচানৰ সন্মুখীন হৈছে এইসকল কৃষক ৷ যাক লৈ এতিয়া কৃষক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । প্ৰায় ৭০ টকা কিলোত আলুৰ বীজ ক্ৰয় কৰি কৃষকসকলে প্ৰতিকিলো আলু ৩.৫০ পইচা পৰা ৪ টকাত বিক্ৰী কৰিবলগীয়া হৈছে ৷
আনহাতে, গ্ৰাম্য অঞ্চলতকৈ চহৰ অঞ্চলত ঠাই বিশেষে আলু অধিক দামত ক্ৰয় কৰিবলগীয়া হৈছে ৰাইজে । ইয়াকে লৈ ভুক্তভোগী কৃষকসকল খুন্ন হৈ মধ্যভোগীয়ে শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । অৱশেষত উপায়ন্তৰ হৈ কৃষকসকলে চৰকাৰ, কৃষি বিভাগ তথা বিভাগীয় মন্ত্ৰীৰ সহায় বিচাৰিছে ।
লগতে পঢ়ক-স্বাধীনতাৰ পিচৰে পৰা এগৰাকীও মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা নকৰা সমষ্টিটো