ETV Bharat / state

কৰুণ ! কৃত্ৰিম বানত ডুব গৈ ডেৰ বছৰীয়া শিশুৰ সলিল সমাধি

author img

By

Published : Jun 22, 2022, 5:38 PM IST

কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ(Artificial flood at Jania) ৷ বানত ডুবি অকাল মৃত্যুক সাৱটি লয় এটি ডেৰ বছৰীয়া শিশুৱে (Baby died at Jania) ৷

1.5 year old drowned in artificial flood

কলগাছিয়া, 22 জুন : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Assam Flood 2022) ৷ কলগাছিয়াৰ বাংকাভাঙাত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ৷ কৃত্ৰিম বানত ডুবি অকাল মৃত্যুক সাৱটি লয় এটি ডেৰ বছৰীয়া শিশুৱে (Baby died at Jania) ৷

ঘটনা অনুসৰি উল্লেখযোগ্য যে বুধবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বাংকাভাঙা গাঁৱৰ আব্দুল মালেকৰ ডেৰ বছৰীয়া পুত্ৰ শ্বাকিবুল হাছানে খেলি থকা অৱস্থাত ঘৰৰ ওচৰতে কৃত্ৰিম বানত ডুব যায় ৷ লগে লগে ওচৰ চুবুৰীয়াই শিশুটোক পানীৰ পৰা উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত্যু বুলি ঘোষণা কৰে ৷

কৰুণ! কৃত্ৰিম বানত ডুব গৈ ডেৰ বছৰীয়া শিশুৰ সলিল সমাধি

উল্লেখযোগ্য যে, যোৱা পোন্ধৰ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হয় (Artificial flood at Jania)৷ ইফালে মন কৰিবলগীয়া যে, ৰামপুৰৰ পৰা জনতালৈ যোৱা পথটোত কালভাৰ্ট বন্ধ কৰি থোৱাৰ ফলত পানী ওলাই যাব পৰা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ৷

এই কৰুণ ঘটনাৰ পিছতেই ক্ষোভিত লোকে কালভাৰ্টটো খুলি দি পানী ওলাই যাবলৈ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায় ৷ সম্প্ৰতি শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : পানীখাইতিত ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.