জনীয়া , 4 ছেপ্তেম্বৰ : Matru Vandana Saptah উপলক্ষে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কলগাচিয়াত সজাগতা সভাৰ আয়োজন ৷ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ নিৰ্দেশমৰ্মে কলগাছিয়া ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ সমূহ অংগণৱাড়ী কৰ্মী আৰু সহায়িকাৰ লগত কলগাছিয়া ৰাজহ চক্ৰৰ সন্মুখত এখন সজাগতা সভাৰ আয়োজন কৰা হয় ৷
প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনা(Pradhan Mantri Matru Vandana Yojana) ৰ অধীনত গৰ্ভৱতী মহিলাসকলে যি ধন লাভ কৰে, তাৰ সঠিক প্ৰয়োগৰ লগতে সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যে সুস্থ শিশুৰ জন্মৰ লক্ষৰে এই সজাগতা সভাখনি অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্য যে, প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনা অনুসৰি অংগনৱাড়ী কেন্দ্ৰত নাম পঞ্জীয়নৰ পাচত এগৰাকী গৰ্ভৱতী মাতৃয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় কিস্তিত ক্ৰমে এক হাজাৰ, দুই হাজাৰ আৰু দুই হাজাৰ মুঠ পাঁচ হাজাৰ টকা লাভ কৰে ৷
![awareness programme at kalgachia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12971621_image_jania.jpg)
লগতে পঢ়ক : বৰপেটাত বিদ্যালয়ৰ উন্নয়নৰ নামত আৱন্টিত পুঁজি সোমায় প্ৰধান শিক্ষকৰ পকেটত !
এই সজাগতা সভাখনৰ লগত সংগতি ৰাখি শিশুৰ স্বাস্থ্যৰ পৰিপুষ্টি সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লগতে বাল্য বিবাহ বন্ধ কৰা, পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু আইৰণ সেৱন কৰা আদি ক্ষেত্ৰতো উদ্যোক্তাসকলে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ৷ উক্ত কাৰ্যসূচীত ৰূপসী শিশু উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত বিষয়া নিলেশ্বৰ ৰায় আৰু এছ এ বিজয় কুমাৰ ৰাওডৰ লগতে অন্যান্য কৰ্মচাৰী উপস্থিত থাকে ৷
লগতে পঢ়ক : হোজাইত মেট্ৰিকৰ চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ