ETV Bharat / state

বৰপেটাত সমগ্ৰ শিক্ষাৰ অধীনত বাল্য বিবাহ ৰোধৰ বাবে সজাগতা সভা

author img

By

Published : Mar 22, 2022, 10:36 PM IST

বাল্যবিবাহ ৰোধৰ বাবে বৰপেটাত অনুষ্ঠিত সজাগতা সভা ৷ উক্ত অনুষ্ঠানৰ জৰিয়তে ইছলামিক নিয়ম অনুসৰি বিবাহ পঞ্জীয়ন কৰা কাজী আৰু অধিবক্তাসকলক অধিক সজাগ হ'বলৈ আৰু প্ৰশাসনক সহযোগ আগবঢ়াবলৈ আহ্বান (Awareness programme to end child marriage at Barpeta)শিক্ষা বিভাগৰ ৷

awareness-programme-to-end-child-marriage-at-barpeta
বৰপেটাত সমগ্ৰ শিক্ষাৰ অধীনত বাল্য বিবাহ ৰোধৰ বাবে সজাগতা সভা

বৰপেটা, ২২ মাৰ্চ : সমগ্ৰ দেশতে বাল্য বিবাহ নিষিদ্ধ কৰি আইন প্ৰণয়ন কৰা হৈছে যদিও ৰাজ্যত এতিয়াও অব্যাহত আছে বাল্য বিবাহ(Child marriage continues in Assam) ৷ সমাজৰ ব্যাধিস্বৰূপ বাল্যবিবাহ ৰোধৰ বাবে সৰ্বশিক্ষাৰ সমগ্ৰ শিক্ষাৰ অধীনত বৰপেটাত অনুষ্ঠিত হয় এখন সজাগতা সভা (Awareness meeting to prevent child marriage in Barpeta) ৷

বৰপেটা জিলা প্ৰশাসন, শিক্ষা বিভাগৰ বিষয়া, শিক্ষক, কাজীসকলৰ লগতে অধিবক্তাসকলক লৈ মঙলবাৰে বৰপেটা অফিচাৰ্চ ক্লাৱত অনুষ্ঠিত সজাগতা সভাখনৰ জৰিয়তে ৰাজ্যখনক বাল্য বিবাহ মুক্ত ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে সকলোৰে সহায় সহযোগীতা কামনা কৰে শিক্ষা বিভাগে ৷ উক্ত অনুষ্ঠানৰ জৰিয়তে ইছলামিক নিয়ম অনুসৰি বিবাহ পঞ্জীয়ন কৰা কাজী আৰু অধিবক্তাসকলক এইক্ষেত্ৰত অধিক সজাগ হ'বলৈ আৰু প্ৰশাসনক সহযোগ আগবঢ়াবলৈ আহ্বান জনোৱা হয় ৷

উল্লেখ্য যে, বৰপেটা জিলাখনত বিগত বছৰত ৰুজু হৈছিল মুঠ ৬৪ টা বাল্য বিবাহ বিৰোধী গোচৰ ৷ ইয়াৰ বিপৰীতে হয়তো এতিয়াও পোহৰলৈ অহা নাই বহু বাল্য বিবাহৰ ঘটনা ৷ তেনেক্ষেত্ৰত ৰাজ্যখনৰ লগতে বৰপেটা জিলাখনক বাল্য বিবাহৰ পৰা মুক্ত কৰাৰ বাবে শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষাৰ জৰিয়তে আৰম্ভ হোৱা অভিযানে আজিৰ সময়ত বিশেষ গুৰুত্ব বহন কৰিছে ৷

লগতে পঢ়ক : Murder in Barpeta: ভগ্নীৰ সন্মুখতে হত্যা কৰা হ’ল যুৱতী অধিবক্তাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.