ETV Bharat / state

New education system 2022 : কেবিনেটত লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ

author img

By

Published : Aug 2, 2022, 5:01 PM IST

অংক আৰু বিজ্ঞান বিষয় দুটাৰ মাধ্যম ইংৰাজী কৰা সম্পৰ্কত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট সাহিত্যিক তথা শিক্ষাৰত্ন বঁটাপ্ৰাপক, কলাৰত্ন অক্ষয় কুমাৰ মিশ্ৰই (Akshay KR Misra reaction about new education system) ৷ বৰপেটা প্ৰেছ ক্লাৱত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত ৰাজ্য চৰকাৰৰ সিদ্ধান্তক অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ উক্ত সিদ্ধান্তক বাতিলৰ দাবী জনায় (Akshay KR Misra Opposes decision of Teaching of maths and science in English)৷

Etv BharNew education system 2022at
Etv Bharatকেবিনেটত লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ

বৰপেটা, ২ আগষ্ট : ‘‘শিশুসকলক মাতৃভাষাৰ মাধ্যমত শিক্ষাদান নকৰিলে শিশুসকলৰ শৈক্ষিক ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে ৷ মহান বিজ্ঞানী চিভি ৰমণেও মাতৃভাষাতে শিক্ষাদান কৰাৰ কথা ব্যক্ত কৰিছিল ৷ লগতে জাপান, চীন, ফিনলেণ্ড আদি পৃথিৱীৰ বহু দেশত মাতৃভাষাত শিক্ষাদানৰ পিচতো বিজ্ঞান প্ৰযুক্তিবিদ্যাত আগবাঢ়ি যোৱাৰ উদাহৰণ আছে’’ ৷

কেবিনেটত লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ

মঙলবাৰে বৰপেটা প্ৰেছ ক্লাৱত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷ আনকি বিশিষ্ট সাহিত্যিক তথা শিক্ষাৰত্ন বঁটাপ্ৰাপক, কলাৰত্ন অক্ষয় কুমাৰ মিশ্ৰই ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তক হঠকাৰী আৰু জাতি তথা দেশৰ বাবে অযুক্তিকৰ, অমুলক আৰু ক্ষতিকাৰক বুলি আখ্যা দিয়ে (Akshay KR Misra reaction about new education system)৷

এইক্ষেত্ৰত অসম সাহিত্য সভাকে ধৰি শিক্ষকসমাজ আৰু অসমবাসীক প্ৰতিবাদ আৰু প্ৰতিৰোধ গঢ়ি তোলাৰ আহ্বান জনাই সাহিত্যিকগৰাকীয়ে ৷ লগতে এয়া কেন্দ্ৰীয় চৰকাৰৰো নীতিৰ বিৰোধী বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সাহিত্যিকগৰাকীয়ে (Akshay KR Misra Opposes decision of Teaching of maths and science in English) ৷

সেয়ে ৰাজ্য চৰকাৰে অংক আৰু ইংৰাজী বিষয় দুটাৰ মাধ্যম ইংৰাজী কৰা উক্ত সিদ্ধান্ত (Mathematics and science will be taught in English in Assam school) বাতিল কৰিবলৈ দাবী জনাই বিশিষ্ট সাহিত্যিক মিশ্ৰই ৷

লগতে পঢ়ক : New education system: কেবিনেটৰ শিক্ষা সম্পৰ্কীয় সিদ্ধান্তক হঠকাৰী তথা ছাত্ৰ বিৰোধী আখ্যা এছ এফ আইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.