ETV Bharat / state

চিকিৎসকক আক্ৰমণ, বৰপেটাত দুই ভাতৃক গ্ৰেপ্তাৰ - প্ৰাণৰ শংকাত ভূগিছে চিকিৎসকে

বৰপেটাৰ হাউলীত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ পাছতে দুই ভাতৃক বুধবাৰে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷ হাউলীৰ 30 বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ৰাজেশ কুমাৰ দাসক আক্ৰমনৰ অভিযোগত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বাহাৰুল ইছলাম আৰু তেওঁৰ ভাতৃক ৷ প্ৰাণৰ শংকাত ভূগা চিকিৎসক গৰাকীয়ে চাকৰিৰ পৰা ইস্তাফা দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷

চিকিৎসকক আক্ৰমন, বৰপেটাত দুই ভাতৃক গ্ৰেপ্তাৰ
author img

By

Published : Sep 4, 2019, 10:38 PM IST

Updated : Sep 9, 2019, 2:44 PM IST

বৰপেটা, ৪ ছেপ্তেম্বৰ : বৰপেটাৰ হাউলীত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ পাছতে দুই ভাতৃক বুধবাৰে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷ হাউলীৰ 30 বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ৰাজেশ কুমাৰ দাসক আক্ৰমণৰ অভিযোগত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বাহাৰুল ইছলাম আৰু তেওঁৰ ভাতৃক ৷ ঘটনাৰ বিবৰণী অনুসৰি, মঙলবাৰে বাহাৰুল ইছলামে বাইকেৰে এজন বয়োজ্যেষ্ঠ লোকক খুন্দিয়াই আহত কৰিছিল আৰু ইয়াৰ পাছতে বাহাৰুল আৰু বয়োজ্যেষ্ঠ লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বয়োজ্যেষ্ঠ লোকজনৰ পূৰ্বে বাহাৰুলক চিকিৎসা প্ৰদান কৰিব লাগে বুলি দাবী জনাই যুৱকজনে ৷ ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে বাহাৰুল আৰু তেওঁৰ ভাতৃ তাহেৰ আলীয়ে চিকিৎসক জনক আক্ৰমণ কৰে ৷

চিকিৎসকক আক্ৰমন, বৰপেটাত দুই ভাতৃক গ্ৰেপ্তাৰ

বুধবাৰে দুয়োজনকে বৰপেটা আদালতত হাজিৰ কৰোৱাৰ পাছতে আদালতে দুই ভাতৃক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইপিনে, প্ৰাণৰ শংকাত ভূগা চিকিৎসক গৰাকীয়ে চাকৰিৰ পৰা ইস্তাফা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিগত বছৰৰ ডিচেম্বৰ মাহতো এম্বুলেঞ্চ পলমকৈ অহাৰ বাবে একাংশ যুৱকে চিকিৎসক গৰাকীক আক্ৰমণ কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে ৷ ৰাজেশ কুমাৰ দাসে ক্ষোভ প্ৰকাশ কৰি কয় যে, মানৱ সেৱাৰ যি মহান উদ্দেশ্য লৈ চিকিৎসা বৃত্তি গ্ৰহণ কৰিছিল সেই বৃত্তিত এনেধৰণৰ কাণ্ড সংঘটিত হ'লে প্ৰাণৰ নিশ্চয়তাই নাথাকিব ৷ সেয়েহে এনে পৰিস্থিতিত চিকিৎসা সেৱাত নিয়োজিত হৈ থকাটোয়ে অসম্ভৱ হৈ পৰিছে বুলি প্ৰকাশ কৰে চিকিৎসক গৰাকীয়ে ৷ বিশেষকৈ চিকিৎসকৰ অভাৱৰ বাবে দিনটোৰ 20 ঘন্টালৈকে সেৱা আগবঢ়াই থকাৰ পাছতো এনেদৰে দুৰ্বৃত্তৰ আক্ৰমনৰ সন্মুখীন হোৱাত চিকিৎসক গৰাকী হতাশাত ভাগি পৰিছে ৷

Intro:

বৰপেটা, ৪ ছেপ্টেম্বৰঃ বৰপেটাৰ হাউলীত চিকিৎসকক আক্ৰমনৰ ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে ৷ ইতিমধ্যে ডাঃ ৰাজেশ কুমাৰ দাসৰ এজাহাৰৰ ভিত্তিত চিকিৎসক আক্ৰমনকাৰী দুই ভাতৃক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷ Body:মঙলবাৰে পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক এজনক প্ৰথমতে চিকিৎসা কৰাক লৈ বাহাৰুল ইছলাম নামৰ যুৱকজনে হাউলীৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰাজেশ কুমাৰ দাসক পৰিয়ালৰ লোক আৰু বন্ধুৰ সহযোগত আক্ৰমন কৰিছিল ৷ বাহাৰুল ইছলাম নামৰ এই যুৱকজনে বাইকেৰে এদন বয়োজ্যেষ্ঠ লোকক খুন্দিয়াই আহত কৰাৰ পিচত হাউলী চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যুৱকজনৰ লগতে বয়োজ্যেষ্ঠ লোকজনকো ৷ পিছে যুৱকজনৰ দাবী, তেওকহে আগতে চিকিৎসা কৰিব লাগে ৷ ইয়াকে লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতে ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাহুৰুল ইছলাম আৰু তেওৰ ভাতৃ তাহেৰ আলীক ৷ আজি দুয়োজনকে বৰপেটা আদালতত হাজিৰ কৰোৱাৰ পিচতে আদালতে চিকিৎসক আক্ৰমনকাৰী দুুই ভাতৃক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইপিনে নিজৰ জীৱনৰ নিৰাপত্তাক লৈ চিন্তিত চিকিৎসকগৰাকীয়ে অবশেষত চাকৰি ইস্তফা দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিবলৈ বাধ্য হৈ পৰিছে ৷ কিয়নো বিগত ডিচেম্বৰ মাহতো এম্বুলেঞ্চ পলমকৈ অহাৰ বাবেও একাংশ যুৱকে চিকিৎসকগৰাকীক আক্ৰমন কৰিছিল ৷ এতিয়া নিজৰ নিৰাপত্তাক লৈ শংকিত লোকজনে চাকৰি ইস্তফা দিয়াটোকে ঠিৰাং কৰিছে ৷ চিকিৎসকগৰাকীৰ ক্ষোভঃ মানৱ সেৱাৰ যি মহান উদ্দেশ্য লৈ চিকিৎসা সেৱাৰ বৃত্তি গ্ৰহন কৰিছিল হয়তো এনেদৰে থাকিলে নিজৰ প্ৰাণটো কেতিয়া যায় তাৰ নিশ্চয়তা নোহোৱা হৈ পৰিছে ৷ সেয়ে এনে পৰিস্থিতিত চিকিৎসাসেৱাত নিয়োজিত হৈ থকাতো অসম্ভৱ হৈ পৰিছে বুলি প্ৰকাশ কৰে চিকিৎসকগৰাকীয়ে ৷ বিশেষকৈ চিকিৎসকৰ অভাৱৰ বাবে দিনটোৰ ২০ ঘন্টালৈকে সেৱা আগবঢ়াই থকাৰ পিচতো এনেদৰে দুবৃত্তৰ আক্ৰমনৰ সন্মুখীন হৈ পৰা চিকিৎসকগৰাকী হতাশাত ভাগি পৰিছে ৷

Conclusion:বাইটঃ ডাঃ ৰাজেশ দাস ৷

--- বাপকন দাস, বৰপেটা ( বি: দ্ৰ: বাহাৰুল ইছলাম ফুটেজত থকা ৰঙাৰঙৰ চাৰ্ট পৰিধান কৰা যুৱকজন )
Last Updated : Sep 9, 2019, 2:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.