পাঠশালা, 16 অক্টোবৰ : পাঠশালা বিদ্যুৎ সংমণ্ডলৰ পৰা শনিবাৰে এটা ATM চোৰক আটক কৰে ৰাইজে ৷ স্থানীয় লোকে সদৰী কৰা মতে, চোৰটোৱে নিজক নিৰ্বাচনী বিষয়া বুলি পৰিচয় দি আহিছিল আৰু বজালীত বিভিন্ন জনৰ পৰা ATM ৰ সহায়েৰে ধন সৰকাই আহিছিল । আটকাধীন চোৰটো নাম বিজেন্দ্ৰ বুলি জানিব পৰা গৈছে ৷
চোৰটোৰ ঘৰ হাৰিয়ানাৰ হিচাৰ জিলাত ৷ ৰাইজে চোৰটো আটক কৰা পাচতে আটক কৰা পাচতে উত্তপ্ত পৰে পাঠশালা বিদ্যুৎ সংমণ্ডলৰ সমীপৰ অঞ্চলটোত ৷ লগে লগে পাঠশালা আৰক্ষীক খবৰ দিয়া হয় ৷ খবৰ লাভ কৰিয়েই পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়ন জ্যোতি ডেকাৰ নেতৃত্ব এটা দল উপস্থিত হয় ৷
ধৃত চোৰটোৰ পৰা এখন ATM, এটা স্মাৰ্ট Swipe Machine আৰু নগদ ১৫,৮২০ টকা সহ এখন আধাৰ কাৰ্ড আৰু পৰিচয় পত্ৰ জব্দ কৰে আৰক্ষীয়ে ৷ অধিক তথ্য সন্দৰ্ভত ধৃত চোৰটোত সোধ-পোচ অব্যাহত ৰাখিছে পাঠশালা আৰক্ষীয়ে ৷ ইফালে, এটা বৃহৎ চুৰি চক্ৰৰ লগত আটকাধীন চোৰটো জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ৷
লগতে পঢ়ক: শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান : জিলা উপায়ুক্তৰ উপস্থিতিত ফিল’বাৰীত ৰাজহুৱা সভা