ETV Bharat / state

Barpeta Cancer Hospita: বৰপেটা কেঞ্চাৰ হাস্পতালৰ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি

author img

By

Published : Nov 28, 2022, 7:57 PM IST

Updated : Nov 28, 2022, 8:28 PM IST

বৰপেটাকে ধৰি ৰাজ্যৰ কেঞ্চাৰ চিকিৎসালয়বোৰত ৰোগীৰ হাহাকাৰ ৷ অটল অমৃত কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰি হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে কেঞ্চাৰ ৰোগী ৷ কেবাদিন ধৰি অচল অটল অমৃত যোজনাৰ চাৰ্ভাৰ((Atal amrit yojana card not working in Assam) ৷ আয়ুস্মান কাৰ্ডৰো চাৰ্ভাৰ ডাউন হৈ পৰাত চিকিৎসাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন দুখীয়া কৰ্কট ৰোগী (All health card not working in assam) ৷

atal amrit yojana ayushman card not working in Assam
Barpeta Cancer Hospita: চাৰ্ভাৰ ডাউনৰ ফলত হাহাকাৰ পৰিস্থিতিত কেঞ্চাৰ ৰোগী

বৰপেটা, ২৮ নৱেম্বৰ: বিকল হৈ পৰিছে অটল অমৃত যোজনাৰ কাৰ্ড(Atal amrit yojana card not working) ৷ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন ৰোগীৰ লগতে ৰোগীৰ আত্মীয় ৷ বৰপেটা কেঞ্চাৰ চিকিৎসালয়ত ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ(Panic situation in Barpeta Cancer Hospita) ৷

ফলত দুখীয়া কৰ্কট ৰোগীসকলৰ বাবে প্ৰয়োজনীয় কেম্যু লোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে ৰোগীসকল ৷ দেশৰ দুখীয়া ৰোগীৰ সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা অটল অমৃত আৰু আয়ুস্মান যোজনাৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে দুখীয়া ৰোগীয়ে ৷ কিন্তু বিগত চাৰিদিন ধৰি এই দুই যোজনাৰ চাৰ্ভাৰে কাম কৰা নাই(Beneficiaries of the health sector are deprived in Assam) ৷

ফলত দুখীয়া কৰ্কট ৰোগীসকলে বৰপেটা কেঞ্চাৰ হাস্পতাললৈ আহিও চিকিৎসা সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে ৷ অকল বৰপেটা কেঞ্চাৰ হাস্পতালতেই নহয় ৰাজ্যখনৰ অটল অমৃত আৰু আয়ুস্মান যোজনাৰ চাৰ্ভাৰে কাম নকৰাৰ ফলত ৰাজ্যৰ দুখীয়া ৰোগীসকল হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

জানিব পৰা মতে, এই দুই যোজনাৰ সৈতে জড়িত এপটোৰ চাৰ্ভাৰ উন্নীত কৰি থকাৰ বাবেই সমগ্ৰ ৰাজ্যতে কাম কৰা নাই অটল অমৃত আৰু আয়ুস্মান যোজনাৰ চাৰ্ভাৰে ৷ যাৰ ফলত দুখীয়া ৰোগীসকলে কেম্যু ল’বলৈ অথবা আন চিকিৎসাৰ বাবে আহি হাস্পতালৰ পৰা ধনৰ অভাৱত বিনা চিকিৎসাই গুচি যাবলগীয়া হৈছে(Atal amrit yojana ayushman card server down ) ৷

লক্ষণীয়ভাৱে এপটোৰ চাৰ্ভাৰ উন্নীত সম্পৰ্কে বা সেৱা সাময়িকভাৱে বন্ধ ৰখা সম্পৰ্কে উক্ত সেৱাৰ সৈতে জড়িত প্ৰতিষ্ঠানটোৱে ৰাজ্যৰ হাস্পতাল কৰ্তৃপক্ষ বা ৰাজ্য চৰকাৰৰ চিকিৎসা বিভাগক আনুষ্ঠানিকভাৱে আজিলৈকে কোনো কথা অৱগত কৰা নাই বুলি জানিবলৈ পৰা গৈছে ৷ ফলত ৰোগীৰ লগতে হাস্পতাল কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগো সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

উল্লেখ্য যে, অটল অমৃত যোজনাৰ জৰিয়তে একোজন ৰোগীয়ে ২ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰে ৷

লগতে পঢ়ক: Bharat Jodo Yatra : বিজেপিয়ে কলিয়াবৰ সমষ্টি দখলৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে গৌৰৱ গগৈয়ে

Last Updated : Nov 28, 2022, 8:28 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.