ETV Bharat / state

বানে সংকট নমাইছে ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ - কৰ'ণা মহামাৰী

কৰ'ণা আৰু বানে দুৰ্যোগ নমাই আনিছে ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ ৷ কৰ'ণা মহামাৰীৰ তাণ্ডৱৰ পিচত কঁকাল ভাঙি পৰা কাঁহ শিল্প এইবাৰ বানৰ কবলত ৷

assam's heritage bell metal in endangered situation for flood

author img

By

Published : Jul 3, 2020, 3:49 PM IST

বৰপেটা, 3 জুলাইঃ বুৰঞ্জী প্ৰসিদ্ধ অসমৰ কাঁহ শিল্পই প্ৰকাশি আহিছে আহোম সাম্ৰাজ্যৰ কীৰ্তি ৷ আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনৰ পৰাই অসমৰ সৰ্থেবাৰী আৰু হাজোত স্থাপন হৈছিল কাঁহ-পিতলৰ শিল্পৰ ক্ষেত্ৰখন ৷ সেই সময়ত এই অঞ্চলটোৰ একাংশ লোকক নিয়োগ কৰা হৈছিল কাঁহ-পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ ৷ তেতিয়াৰে পৰাই বিশেষকৈ অসমৰ সৰ্থেবাৰী অঞ্চলত বিকশিত হ'বলৈ ধৰিছিল,অসমীয়া জাতিৰ থলুৱা শিল্পৰ গৌৰৱময় ঐতিহ্য বহনকাৰী কাঁহ শিল্পই ৷

অসমৰ কাঁহ শিল্পই যুগ যুগ ধৰি লাভ কৰি আহিছে ব্যাপক সমাদৰ ৷ কিন্তু আজি আৰু সেই দিন নাই ৷ কৰ'ণা মহামাৰীৰ তাণ্ডৱৰ পিচত কঁকাল ভাঙি পৰা কাঁহ শিল্প এইবাৰ বানৰ প্ৰকোপত পৰি তচনচ হৈ পৰিছে ৷ ইতিমধ্যে বানৰ কবলত পৰিছে সৰ্থেবাৰীৰ প্ৰায় 300 খন গঢ়শাল ৷

পানীত বুৰ গৈছে গঢ়শালসমূহ
পানীত বুৰ গৈছে গঢ়শালসমূহ

পুৰুষানুক্ৰমে কেৱল কাঁহৰ সামগ্ৰী নিৰ্মাণ কৰিয়েই জীৱিকা প্ৰৱৰ্তন কৰি অহা সৰ্থেবাৰীৰ প্ৰায় 2100 কাঁহ শিল্পীৰ পৰিয়াললৈ, প্ৰথমে লক ডাউন আৰু এতিয়া বানে সংকট নমাই আনিছে ৷ চৰকাৰে বিভিন্ন সময়ত অসমৰ কুটীৰ শিল্প সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈ আহিছে যদিও, এই পৰ্যন্ত আপুৰুগীয়া কাঁহ শিল্পৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰিছে ভুক্তভোগী কাঁহ শিল্পীয়ে ৷

আজিলৈকে চৰকাৰ অথবা প্ৰশাসনৰ লগতে কোনো জাতীয় দল-সংগঠন, ৰাজনৈতিক নেতাই খবৰ নল'লে শিল্পী সকলৰ ৷ কোনো দল সংগঠনেও মাত নামাতিলে অসমীয়া জাতিৰ গৌৰৱময় শিল্প উদ্যোগটো সন্মুখীন হোৱা সংকটৰ বিষয়ে ৷

ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ বানে আনিছে ভাবুকি

চীন, ভিয়েটনাম, জাপান, ভূটান, ম্যানমাৰ, থাইলেণ্ড নেপালৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা সৰ্থেবাৰীৰ কাঁহ শিল্প আজি গভীৰ সংকটত ৷ গঢ়শাল সমুহ বন্ধ হৈ পৰাৰ লগতে,বাণিজ্যিক পথ আৰু লেনদেন বন্ধ হৈ পৰাৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কাঁহ শিল্পৰ সৈতে জড়িত বহু লোক ক্ষতিৰ সন্মুখীন হৈছে ৷ কাঁহ শিল্পী সকলৰ অভিযোগ,প্ৰাচীন শিল্পটোক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে আজিলৈকে গ্ৰহণ কৰা নাই কোনো ইতিবাচক ভূমিকা ৷

লগতে পঢ়কঃ বৰপেটাত বেকী আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ সংহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.