ETV Bharat / state

দীৰ্ঘদিন ধৰি বন্ধ চৰকাৰী বিদ্যালয়, পাঠগ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

বনঘুগী মধ্য ছোৱালী প্ৰাথমিক বিদ্যালয়খন দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকাৰ বাবে একাংশ ৰাইজে এতিয়া বিদ্যালয়ৰ চৌহদত ধান,জলকীয়া শুকোৱাৰ লগতে চৰণীয়া পথাৰলৈ পৰিণত হৈছে ।

author img

By

Published : Jun 12, 2019, 6:18 PM IST

Updated : Jun 12, 2019, 10:09 PM IST

দীৰ্ঘদিন ধৰি বন্ধ চৰকাৰী বিদ্যালয়, পাঠগ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

বৰপেটা, ১২ জুনঃ বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বনঘুগী মধ্য ছোৱালী প্ৰাথমিক বিদ্যালয় দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছে বিদ্যালয়খন । যাৰফলত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল ।

বৰপেটাৰ বনঘুগী মধ্য ছোৱালী প্ৰাথমিক বিদ্যালয়খন দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী লাইলী বেগম আৰু সহ শিক্ষক আব্দুল আজিজে বিদ্যালয়ত দীৰ্ঘ দিন ধৰি অনুপস্থিত থকাৰো অভিযোগ ৰাইজৰ। পাঠদান বন্ধ ৰাখি ঘৰতে বহি দৰমহা লৈ থকা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত । ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ থকাৰ বাবে ক্ষুব্ধ হৈ পৰিছে অভিভাৱকৰ লগতে স্থানীয় ৰাইজ । তাৰোপৰি বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন আবন্টিত হৈছে যদিও বন্ধ হৈ আছে মধ্যাহ্ন ভোজনৰ আহাৰ।

উল্লেখ্য যে, বিদ্যালয়খন ২০১৩ চনত প্ৰাদেশিকীকৰণ হৈছে যদিও দুটা ফৈদৰ মাজত ভূমি বিবাদ চলি থকা বুলি জানিবপৰা গৈছে। ফলত বিদ্যালয় গৃহটো ভাঙি নতুনকৈ নিৰ্মাণ কৰি থকাৰ বাবেই ৰান্ধনী শাল আৰু শ্ৰেণী কোঠাত তলা লগাই বিদ্যালয়ত অনুপস্থিত আছে শিক্ষকসকল। ফলত ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ আহি ওভতি যাব লগা হৈছে । বিদ্যালয় খনৰ এই অৱস্থা হোৱা বাবে সচেতন ৰাইজে অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে ।

লগতে চাওক আন এটা বাতৰি- এতিয়াও মাটিত বস্তা পাৰি পাঠগ্ৰহণ কৰা এখন বিদ্যালয়

Intro:slug: as_jania_12jun_school_closed_story_vis2+byt4_asc10058

জনীয়া ১২ জুন: কলগাছিয়াৰ বনঘুগী মধ্য ছোৱালী প্ৰাথিক বিদ্যালয়ত এক সপ্তাহ ধৰি পাঠদানৰ পৰা বঞ্চিত ছাত্র-ছাত্ৰী। ঘৰত বহি দৰমহা খাইছে শিক্ষকে ।Body:slug: as_jania_12jun_school_closed_story_vis2+byt4_asc10058

বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বনঘুগী মধ্য ছোৱালী প্ৰাথমিক বিদ্যালয়ত দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছে মধ্যাহ্ন ভোজন । শিক্ষাদানৰ পৰা বঞ্চিত হৈ আছে ছাত্ৰ ছাত্ৰী । প্ৰাপ্ত অভিযোগ মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী লাইলী বেগম আৰু সহ শিক্ষক আব্দুল আজিজে বিদ্যালয়ত অনুপস্থিত থকাৰ লগতে পাঠদান বন্ধ ৰাখি ঘৰতে বহি দৰমহা ভোগ কৰি থকা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ফলত শিক্ষাৰ পৰা বঞ্চিত হৈ অন্ধকাৰৰ দিশে গতি কৰিছে ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত । বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন আবন্টিত হৈছে যদিও দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে মধ্যাহ্ন ভোজনৰ আহাৰ। উল্লেখযোগ্য যে, বিদ্যালয়খন ২০১৩ চনত প্ৰাদেশিকীকৰণ হৈছে যদিও দুটা ফৈদৰ মাজত ভূমি বিবাদ চলি আছে। ফলত বিদ্যালয় গৃহ টো ভাঙি নতুনকৈ নিৰ্মাণ কৰি থকাৰ ফলত ডেক্স বেঞ্চ বাহিৰত ওলিয়াই ৰাখি ৰান্ধনী শাল আৰু শ্ৰেণী কোঠাত তলা লগাই বিদ্যালয়ত অনুপস্থিত আছে শিক্ষক সকল । ফলত ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ত আহি ওভতি যাব লগা হৈছে । আনহাতে বিদ্যালয় চৌহদত ৰাইজে জলকীয়া, ধান আদি শুকোৱা, গৰু- ছাগলী চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে । শীঘ্ৰে ঘটনাটো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।Conclusion:slug: as_jania_12jun_school_closed_story_vis2+byt4_asc10058

মন্তব্য: স্থানীয় ৰাইজৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
Last Updated : Jun 12, 2019, 10:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.