ETV Bharat / state

কলগাছিয়াত জিও বেগ কেলেংকাৰী!! পানীত নামি প্ৰতিবাদ

ঠিকাদাৰে বিভাগীয় অভিযন্তা আৰু বিষয়াৰ সৈতে মিলি অধিক মুনাফাৰ আশাত জিও বেগৰ ভিতৰত দুই-তিনিটা জিও বেগ ভৰাই আঁচনিৰ ধন লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ লগতে ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ ।

কলগাছিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
author img

By

Published : May 27, 2019, 4:41 PM IST

জনীয়া,২৭ মে: পশ্চিম গুৱাহাটীৰ পিচত এইবাৰ বৰপেটাত জিও বেগ কেলেংকাৰীৰ অভিযোগ। জিও বেগৰ ভিতৰত জিও বেগ ভৰাই ঠিকাদাৰৰ ধন ঘটাৰ নতুন পন্থা বুলি অভিযোগ কলগছিয়াবাসীৰ। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ হাতছাৰা গাঁৱত মানাহ নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে জলসম্পদ বিভাগে লৈছিল এক অত্যাধুনিক ৪০ লাখ টকীয়া আঁচনি।

কলগাছিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

কিন্তু ঠিকাদাৰে বিভাগীয় অভিযন্তা আৰু বিষয়াৰে মিলি অধিক মুনাফাৰ আশাত জিও বেগৰ ভিতৰত দুই-তিনিটা জিও বেগ ভৰাই আঁচনিৰ ধন লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ লগতে ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ। যাৰ বাবে সোমবাৰে ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিয়ে পানীত নামি ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে।

ঠিকাদাৰ,জলসম্পদ বিভাগৰ অভিযন্তা,বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দিয়াৰ লগতে অতি সোনকালে তদন্তৰ জৰিয়তে ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় প্ৰতিবাদকাৰীয়ে।

Intro:slug: as_jania_27may_geo_bag_scam_spl_exsv_story_vid4+byt4+pho1_asc10058

জনীয়া, ২৭ মে: কলগাছিয়াৰ মইনবড়ি-হাতছাৰাত পানীত নামি ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। জীও বেগৰ বেকী নৈৰ গৰাখহনিয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগত এই প্ৰতিবাদ। ঠিকাদাৰ, অভিযন্তাই জীও বেগৰ ভিতৰত জীও বেগ ভৰাই কৰিলে আঁচনিৰ ধন আত্মহাত। তদন্তৰ জৰিয়তে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী।Body:slug: as_jania_27may_geo_bag_scam_spl_exsv_story_vid4+byt4+pho1_asc10058

পশ্চিম গুৱাহাটীৰ পিছত এইবাৰ বৰপেটাত জিও বেগ কেলেংকাৰী। জিও বেগৰ ভিতৰত জিও বেগ ভৰাই ঠিকাদাৰৰ ধন ঘটাৰ নতুন পন্থা। গৰাখহনিয়া প্ৰতিৰোধৰ নামত ঠিকাদাৰ আৰু অভিযন্তাৰ বৃহৎ কেলেংকাৰী। এই দৃশ্য বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ হাতছাৰা গাঁওৰ। মানাহ নৈৰ গৰাখহনিয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে জলসম্পদ বিভাগে লৈছিল এক অত্যাধুনিক ৪০ লাখ টকীয়া আঁচনি। কিন্তু ঠিকাদাৰে বিভাগীয় অভিযন্তা আৰু বিষয়াৰ সৈতে মিলি অধিক মুনাফাৰ আশাত এটা জিও বেগৰ ভিতৰত দুই-তিনিটা জিও বেগ ভৰাই লুণ্ঠন কৰিছে আঁচনিৰ ধন। যাৰ বাবে আজি ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিয়ে আঁচনি থলীত পানীত নামি ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদকাৰীয়ে ঠিকাদাৰ, জলসম্পদ বিভাগৰ অভিযন্তা, বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দিয়াৰ লগতে অতি সোনকালে তদন্তৰ জৰিয়তে ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়।Conclusion:slug: as_jania_27may_geo_bag_scam_spl_exsv_story_vid4+byt4+pho1_asc10058

মন্তব্য: প্ৰতিবাদকাৰী আৰু স্থানীয় ৰাইজ।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.