ETV Bharat / state

Minister Ranoj Pegu at Barpeta: নীলপৱন বৰুৱাৰ নামত আৰ্ট গেলেৰী নিৰ্মাণৰ চিন্তা-চৰ্চা চলাইছে চৰকাৰে !

মাইক্ৰ'ফাইনেঞ্চ উদ্গনি আৰু সকাহ আঁচনিৰ চেক প্ৰদানৰ বাবে বৰপেটাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ জিলাখনৰ ৫,৭৩৪ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰায় ৯ কোটি টকাৰ চেক বিতৰণ মন্ত্ৰীগৰাকীৰ ৷ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শিল্পকৰ্ম সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰাৰ কথা সদৰী কৰে ৷

Minister Ranoj Pegu at Barpeta
নীলপৱন বৰুৱাৰ নামত আৰ্ট গেলেৰী নিৰ্মাণৰ চিন্তা-চৰ্চা চলাইছে চৰকাৰে !
author img

By

Published : Oct 29, 2022, 8:24 PM IST

বৰপেটা, ২৯ অক্টোবৰ: প্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নামত এটা আৰ্ট গেলেৰী নিৰ্মাণৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে(Eminent artist Neel Pawan Baruah) ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শনিবাৰে বৰপেটাত সদৰী কৰে এই কথা ৷ বৰপেটা জিলাত শনিবাৰে অসম চৰকাৰৰ বিত্ত বিভাগৰ অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰিবলৈ আহি এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে(Minister Ranoj Pegu at Barpeta) ।

নীলপৱন বৰুৱাৰ নামত আৰ্ট গেলেৰী নিৰ্মাণৰ চিন্তা-চৰ্চা চলাইছে চৰকাৰে !

মন্ত্ৰীগৰাকীয়ে কয় যে, বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ সৃষ্টিৰাজিক চৰকাৰৰ ফালৰপৰা সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব ৷ তেওঁৰ শিল্পকৰ্ম সংৰক্ষণ কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰিছে ৷ উল্লেখ্য যে, সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাতো ক্ষুদ্ৰ ঋণগ্ৰস্ত মহিলাসকলক সকাহ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে 'অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি ২০২১'ৰ(Assam Micro Finance Incentive and relief Scheme) অধীনত দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ মাজত শুকুৰবাৰৰ পৰা চৰকাৰী সাহাৰ্যৰাশি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

Minister Ranoj Pegu at Barpeta
নীলপৱন বৰুৱাৰ নামত আৰ্ট গেলেৰী নিৰ্মাণৰ চিন্তা-চৰ্চা চলাইছে চৰকাৰে !

এই অনুসৰি শনিবাৰে বৰপেটা জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিত্ত বিভাগৰ সহযোগত চেক প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়(Micro finance check distribute in Barpeta) ৷ অনুষ্ঠানত বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকে । জিলাখনৰ মুঠ ৫,৭৩৪ গৰাকী হিতাধিকাৰীৰ মাজত আজি আনুষ্ঠানিকভাৱে প্ৰায় ৯ কোটি টকাৰ চেক বিতৰণ কৰা হয় ।

আজিৰ চেক প্ৰদান অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গৰ্গসহ কেবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্য়ুত শোক প্ৰকাশ কৰে(Neel Pawan Baruah passes away) ৷ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ সৃষ্টিৰাজিক চৰকাৰৰ ফালৰপৰা সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে । তেওঁ লগতে প্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নামত এটা আৰ্ট গেলেৰী নিৰ্মাণৰ বাবে চৰকাৰে চিন্তাচৰ্চা কৰাৰ কথাও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Minister Keshab Mahanta distributes cheques: ঋণী মহিলা হিতাধিকাৰীলৈ সাহাৰ্য বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.