ETV Bharat / state

বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

author img

By

Published : Jul 18, 2019, 10:29 PM IST

Updated : Jul 18, 2019, 10:50 PM IST

বানবিধ্বস্ত বৰপেটা জিলাৰ বজালী আৰু বৰপেটা সত্ৰত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

বৰপেটা, 18 জুলাইঃ বৰপেটা জিলাৰ বানপীড়িত অঞ্চল ভ্ৰমণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ জিলাখনৰ বৰপেটা সত্ৰ আৰু বজালীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানপীড়িত লোকসকলৰ সৈতে মতবিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীক এই যাত্ৰাকালত সংগ দিয়ে বজালী মহকুমাৰ বিজেপি সভাপতি ফণি পাঠকৰ লগতে বহুকেইগৰাকী বিজেপি নেতা-কৰ্মীয়ে ৷

পহুমাৰা আৰু কালদিয়া নৈৰ বাঢ়নী পানীয়ে আহুকালৰ সৃষ্টি কৰা বজালীৰ বানপীড়িত ৰাইজৰ কাষত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ বজালীৰ বানপীড়িত অঞ্চল পৰিভ্ৰমণৰ পিচতেই মন্ত্ৰীগৰাকীয়ে পোনে পোনে গৈ উদ্ধাৰ হয় ঐতিহাসিক বৰপেটা সত্ৰত ৷ উল্লেখ্য যে, হাৰিজানৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল সত্ৰৰ মঠৰ চৌহদ ৷

বৰপেটা সত্ৰত চন্দ্ৰমোহন পাটোৱাৰী

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু ডেকাসত্ৰীয়া নৱজিৎ দাসৰ সৈতে সত্ৰ চৌহদৰ বান পৰিস্থিতি সম্বন্ধে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ সত্ৰখনৰ বান সমস্যা সমাধানৰ বাবে জিলা উপায়ুক্তক আঁচনি গ্ৰহনৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ বৰপেটা সত্ৰ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷

বজালীত চন্দ্ৰমোহন পাটোৱাৰী

Intro:বৰপেটা, ১৮ জুলাইঃ বৰপেটাত আজি বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয় ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বজালী মহকুমাৰ বান পৰিদৰ্শনৰ পিচতেই বৰপেটাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় ৷ মন্ত্ৰী পাটোৱাৰীয়ে বৰপেটা সত্ৰত উপস্থিত হৈ পৰিদৰ্শন কৰে সত্ৰৰ বান পৰিস্থিতি ৷ Body:হাৰিজানেৰে বাঢ়নি পানী সোমাই প্লাবিত কৰি তুলিছিল বৰপেটা সত্ৰৰ মঠৰ চোতাল ৷ তাৰপিচতেই আজি মন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰত উপস্থিত হৈ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু ডেকাসত্ৰীয়া নৱজিৎ দাসৰ সৈতে সত্ৰ চৌহদৰ বান পৰিস্থিতি সম্বন্ধে আলোচনা কৰে ৷ আনহাতে সত্ৰখনৰ বান সমস্যা সমাধানৰ বাবে জিলা উপায়ুক্তক আঁচনি গ্ৰহনৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পিচতে বৰপেটাৰ কেবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷
ইপিনে বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰা সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে ৰাজ্যখনত প্ৰতিবছৰে হৈ থকা বানৰ মুল কাৰন নিৰ্নয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পদক্ষেপ গ্ৰহন কৰা বুলি প্ৰকাশ কৰে পাটোৱাৰীয়ে ৷ প্ৰধান মন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে ১০০ কোটি টকাৰ অৰ্থ সাহাৰ্যৰে আইআইটি খগড়পুৰ আদি প্ৰতিষ্ঠানৰ নেতৃত্বত বিশেষজ্ঞ সমিতি গঠন কৰি বানৰ উৎস আৰু বানৰ কাৰন নিৰ্নয়ৰ বাবে অধ্যয়ন চলি থকাৰ কথা প্ৰকাশ মন্ত্ৰী কৰে পাটোৱাৰীয়ে ৷ প্ৰতিবছৰে হৈ থকা বানৰ পৰা ৰাজ্যখনক ৰক্ষা কৰাৰ বাবে বিশেষজ্ঞ সমিতিয়ে সমাধানৰ সূত্ৰ উলিয়াব বুলি প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
ইপিনে কৃষক মুক্তিকে ধৰি বিভিন্ন সংগঠনে বৃহৎ নদীবান্ধৰ বাবেই ৰাজ্যখন বানৰ কবলত পৰা বুলি কৰা মন্তব্য সম্পৰ্কতো প্ৰতিক্ৰীয়া ব্যক্ত কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ যদিহে বিশেষজ্ঞ সমিতিয়ে বৃহৎ নদীবান্ধৰ বাবে বান হোৱা বুলি কয় তেন্তে চৰকাৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰিব বুলিও মন্তব্য কৰে ৷
আজি বান পৰিদৰ্শনৰ সময়ত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা় উপস্থিত থাকে ৷

Conclusion:বাইটঃ চন্দ্ৰমোহন পাটোৱাৰী ৷

--- বাপকন দাস, বৰপেটা
Last Updated : Jul 18, 2019, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.