ETV Bharat / state

ভেকচিন নোলোৱা অংগনবাদী-আশা কৰ্মীৰ পাৰিতোষিক বন্ধ: জিষ্ণু বৰুৱা - assam chief secretary jishnu baruah

বৰপেটা জিলাৰ ক'ভিড পৰিস্থিতিৰ লগতে সাম্ভাৱ্য বান পৰিস্থিতিৰ বিষয়ে বুজ লৈ জিলা উপায়ুক্তক বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিলে ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ লগতে ক'ভিড প্ৰতিষেধক নোলোৱা অংগনবাদী আৰু আশা কৰ্মীসকলৰ পাৰিতোষিক বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্য সচিব গৰাকীয়ে ৷

assam-chief-secretary-jishnu-baruah-reached-barpeta
ভেকচিন নোলোৱা অংগনবাড়ী আৰু আশা কৰ্মীৰ পাৰিতোষিক বন্ধ: জিষ্ণু বৰুৱা
author img

By

Published : Jun 27, 2021, 6:09 PM IST

বৰপেটা, 27 জুন : সমগ্ৰ দেশৰ লগতে অসমতো বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ৰাজ্য চৰকাৰে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি ৷ ইয়াৰ মাজতে দেওবাৰে বৰপেটাত উপস্থিত হৈ জিলাখনৰ ক'ভিড পৰিস্থিতিৰ লগতে সম্ভাৱ্য বান পৰিস্থিতিৰ বিষয়ে বুজ লয় ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে চৰকাৰী আঁচনিৰ কাম-কাজসমূহৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মুখ্য সচিবগৰাকীয়ে ৷

assam-chief-secretary-jishnu-baruah-reached-barpeta
বৰপেটা জিলাৰ বান-ক’ভিড পৰিস্থিতিৰ বুজ ৰাজ্যৰ মুখ্য সচিবৰ

জিলাখনৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ক'ভিড-19 ভাইৰাছৰ সাম্ভাব্য তৃতীয় লহৰৰ বাবে প্ৰশাসনক সষ্টম হৈ থাকিবলৈ আহ্বান জনাই মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ আনহাতে ক'ভিড পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান কাৰ্যসূচীক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈকো আহ্বান জনাই মুখ্য সচিব গৰাকীয়ে ৷ লগতে ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অধীনত জিলাখনৰ সকলো আগশাৰীৰ ক'ভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মীসকলক সামৰি ল'বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে মুখ্য সচিব গৰাকীয়ে ৷

ইয়াৰ উপৰিও অংগনবাদী শিশু পৰিচৰ্যা কেন্দ্ৰ আদিৰ তত্বাৱধানত থকা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে জিষ্ণু বৰুৱাই ৷ লগতে প্ৰতিষেধক নোলোৱা অংগনবাদী আৰু আশা কৰ্মীসকলৰ পাৰিতোষিক বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে মুখ্য সচিব গৰাকীয়ে ৷ বিশেষ স্বাস্থ্যজনিত সমস্যা অবিহনে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ক'ভিড প্ৰতিষেধক গ্ৰহণ নকৰা বিষয়টোক চৰকাৰে গুৰুত্ব সহকাৰে লৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷

পৰ্যালোচনা বৈঠকখনত জিলাখনত সৃষ্টি হ’ব পৰা সম্ভাৱ্য বান পৰিস্থিতিৰ সন্দৰ্ভতো আলোচনা কৰে মুখ্য সচিব গৰাকীয়ে ৷ লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্য সচিবগৰাকীয়ে ৷ ইফালে দুৰ্বল হৈ পৰা মথাউৰিসমূহ তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা ল'বলৈ জলসম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে জিষ্ণু বৰুৱাই ৷ আনহাতে শেষত চৰকাৰী কাৰ্যালয়ৰ অনাদায় বিদ্যুৎ মাচুল অনতি পলমে আদায় দিবলৈ উপায়ুক্তৰ লগতে সকলো বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে মুখ্য সচিব গৰাকীয়ে ৷

উল্লেখ্য যে, শেহতীয়াকৈ ক'ভিড ভেকচিন নোলোৱা ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ দৰমহা বন্ধ ৰখাৰ এক নিৰ্দেশনা জাৰি কৰি তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছিল ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ক অমান্য কৰি জাৰি কৰা উক্ত নিৰ্দেশনাৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ৰাজ্য চৰকাৰৰ মুখ্য সচিব গৰাকী ৷ ইয়াৰ পিছতো যেন সিদ্ধান্ত সলনি কৰা নাই জিষ্ণু বৰুৱাই ৷

লগতে পঢ়তঃ মহাজোঁটৰে ব্যৱধান বঢ়াই মুখ্যমন্ত্ৰীৰে ব্যৱধান কমাইছে হাগ্ৰামাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.