ETV Bharat / state

পৰিবৰ্তনকামী শিক্ষা ব্যৱস্থাঃ ছাত্ৰ বনাম শিক্ষক - শিক্ষা বিভাগ

বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অধীনত বৰফালাদি প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অনুপস্থিতিত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানত ব্যস্ত একোজন অন্য শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ৷

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ
author img

By

Published : Mar 29, 2019, 11:27 AM IST

বৰপেটা, 29 মাৰ্চঃ কেনেদৰে চলিছে ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰৰ শিক্ষা বিভাগ ৷ কেনেদৰে চলিছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ বিদ্যালয় সমুহ ৷ বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ এখন বিদ্যালয়ে উদঙাই দেখুৱাইছে চৰকাৰৰ শিক্ষা বিভাগ স্বৰূপ ৷ বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অধীনত বৰফালাদি গাঁৱত অৱস্থিত এইখন বৰফালাদি প্ৰাথমিক বিদ্যালয় ৷ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানত ব্যস্ত একোজন অন্য শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ৷

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ

আনহাতে আদিপাঠ শিকোৱাৰ বাবে যাৰ ওপৰত গুৰু দায়িত্ব আছিল সেই শিক্ষাগুৰুসকল অনুপস্থিত বিদ্যালয়খনত ৷ ফলত বিদ্যালয়খনৰ ছাত্ৰছাত্ৰীয়ে গ্ৰহন কৰিছে শিক্ষাদানৰ মহান কৰ্তব্য ৷ জানিব পৰা মতে ৪জন শিক্ষক থকা বিদ্যালয়খনৰ এজন শিক্ষকনিৰ্বাচনী দায়িত্বত থকাৰ বিপৰীতে এগৰাকী শিক্ষয়ত্ৰী আছে ছুটীত ৷ প্ৰধান শিক্ষকজনৰ লগতে আন দুগৰাকী শিক্ষকৰ দেখা দেখি নাই বিদ্যালয়ত ৷ এনেদৰেই চলি থাকে বিদ্যালয়খন ৷তাৰমাজতে আন এজন শিক্ষক ব্যস্ত মোবাইলত৷ একাংশ লোকৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষকৰ সৈতে থকা বুজাবুজিৰে এনেদৰেই চলি আছে বৰপেটাৰ বৰফালাদি বিদ্যালয়খন ।

Slug:    A_BAR_29MAR_801TO806_WHAT_IS_THE_SITUTION_OF_THE_SCHOOL_VIS+PHOTO_BAPKAN_DAS                    

 কেনেদৰে চলি আছে ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগঃ 
বৰপেটাৰ এখন প্ৰাথমিক বিদ্যালয়ে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ ৷

বৰপেটা, ২৯ মাৰ্চঃ কেনেদৰে চলিছে ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰৰ শিক্ষা বিভাগ ৷ কেনেদৰে চলিছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ বিদ্যালয় সমুহ ৷ বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ এখন বিদ্যালয়ে উদঙাই দেখুৱাইছে কেনেদৰে চলিছে পৰিবৰিতনকামী চৰকাৰৰ শিক্ষা বিভাগ ৷
চাও আহক আমাৰ এই প্ৰতিবেদন,,,,,,

বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অধীনৰ বৰফালাদি  গাঁৱত অৱস্থিত এইখন বৰফালাদি প্ৰাথমিক বিদ্যালয় ৷ আপুনি চাওক বিদ্যালয়খনৰ সামগ্ৰিক পৰিবেশ ৷ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানত ব্যস্ত একোজন ওজা ছাত্ৰ -ছাত্ৰী ৷ বিদ্যালয় চৌহদৰ যেনি তেনি একোটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল বহি গ্ৰহন কৰিছে জীৱনৰ আদিপাঠ ৷ পিছে আদিপাঠ শিকোৱাৰ বাবে যাৰ ওপৰত ন্যস্ত গুৰু দায়িত্ব সেই শিক্ষাগুৰুসকল অনুপস্থিত বিদ্যালয়ত ৷ যাৰফলত একোজন ছাত্ৰ বা ছাত্ৰীয়ে গ্ৰহন কৰিছে শিক্ষাদানৰ মহান কৰ্তব্য ৷ ছাত্ৰ ছাত্ৰীসকলে জনোৱা মতে, বিদ্যালয়ৰ প্ৰধান শিক্ষকজন ঘৰুৱা লেঠা মাৰিবলৈ গৈছে চেঙালৈ ৷ আনহাতে চাৰিজন শিক্ষক থকা বিদ্যালয়খনৰ এজন শিক্ষক হেনো নিৰ্বাচনী দায়িত্বত থকাৰ বিপৰীতে এগৰাকী শিক্ষয়ত্ৰী আছে ছুটীত ৷ পিছে প্ৰধান শিক্ষকজনৰ লগতে আন দুগৰাকী শিক্ষকৰ দেখাদেখি নাই বিদ্যালয়ত ৷ এনেদৰেই চলি থাকে বিদ্যালয়খন ৷ তাৰমাজতে এইজন যুৱকে আকৌ শিক্ষকৰ চকীত বহি কানত হেডফোন লগাই মোবাইলত কিবা কিবি চোৱাত ব্যস্ত ৷ গিৰিহীন ঘৰত চোৰেই গৃহস্থ হোৱাৰ দৰেই অৱস্থা বিদ্যালয়খনত ৷ তাৰমাজতেই এপাকত খৰধৰকৈ আহি ওলাল বাইদেউ ৷ বাইদেউৰ বৰ ভাগৰ লাগিছে ৷ তেও কব নোৱাৰে দহ বাজি যোৱাৰ পিচতো কিয় উপস্থিত নাই বিদ্যালয়ত ৷ বাইদেউৱে প্ৰায়ে অনুপস্থিত থকাৰ লগতে আহিলেও এনেদৰে দেৰিকৈহে বিদ্যালয় সোমায় ৷ প্ৰধান শিক্ষকৰ সৈতে বুজাবুজিৰে এনেদৰেই চলি আছে বৰপেটাৰ বৰফালাদি বিদ্যালয়খন ৷ পিছে বৃহস্পতিবাৰেহে জেং লগালে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে ৷ শিক্ষকসকলৰ কাণ্ড-কাৰখানাত অতিষ্ঠ হৈ সভাপতি গৰাকীয়ে মোবাইলত আবদ্ধ কৰিলে বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ ৷ এতিয়া হেনো সভাপতিগৰাকীৰ ওপৰত খৰ্গহস্থ  প্ৰধান শিক্ষক আকবৰ আলী ৷ এইসকল শিক্ষকৰ ওপৰত পিছে শিক্ষাবিভাগে লবনে কিবা ব্যৱস্থা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.