পাঠশালা,১১ মাৰ্চ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বজালীতো মহা শিৱৰাত্ৰি উদযাপন কৰা হৈছে । দেৱাদিদেৱক পূজা-অৰ্চনা আগবঢ়াবলৈ কলিবাৰী থানত ভক্তই ভিৰ কৰিছে । ধুপ-দীপ, গাখীৰ, নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা জনালে ভক্তপ্ৰাণ ৰাইজে ।
ঐতিহাসিক এই কলিবাৰী থানত প্ৰতিষ্ঠা কালৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহা শিৱৰাত্রি আয়োজন কৰি আহিছে । বৃহস্পতিবাৰে কলিবাৰী থানত উপস্থিত হৈ মহাদেৱৰ আশীষ ল'লে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে ।
আনহাতে, ৮৮ সংখ্যক দক্ষিণ বজালী শ্ৰীশ্ৰীশিৱ চতুৰ্দশী সভা মহোৎসৱৰো বৃহস্পতিবাৰে শুভাৰম্ভ হয় । এই মহোৎসৱ উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই । এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় বৃহৎ বটবৃক্ষ হিচাপে জনাজাত জালিখাটাৰ কালদিয়া নৈৰ পাৰত থকা ২০৮ বছৰীয়া বটবৃক্ষৰ তলত শিৱ পূজাৰ আয়োজন কৰা হৈছে । মহাদেৱক পূজা আগবঢ়াবলৈ বটবৃক্ষৰ তলত হাজাৰ হাজাৰ লোকৰ সমাগম হয় ।