ETV Bharat / state

Magh Bihu at Barpeta Satra : সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত আজি উৰুকা, কাইলৈ বিহু - Bhogali Bihu at Barpeta Satra

বৰপেটা সত্ৰৰ(Barpeta Satra) লগতে বৰপেটা জিলাত সত্ৰীয়া পৰম্পৰা অনুসৰি 1 মাঘতহে উদযাপন কৰা হ’ব ভোগালী বিহু ৷ সেই অনুসৰি আজি অৰ্থাৎ পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনটো উৰুকা হিচাবে পালন কৰা হৈছে ৷

Magh Bihu at Barpeta Satra
সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত আজি উৰুকা
author img

By

Published : Jan 15, 2023, 5:10 PM IST

সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত আজি উৰুকা

বৰপেটা, ১৫ জানুৱাৰী : শনিবাৰে ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হ’ল মাঘ বিহুৰ উৰুকা (Magh Bihu 2023)৷ উৰুকাৰ নিশা ভেলাঘৰত ভোজ-ভাত খাই আনন্দ-উল্লাস কৰাৰ পিচত দেওবাৰে পুৱা মেজি প্ৰজ্বলন কৰি বিহু উদযাপন কৰে ৰাজ্যবাসীয়ে ৷ পিছে সত্ৰীয়া পৰম্পৰা কিছু দোচোৰা ৷ বিশেষকৈ বৰপেটা সত্ৰৰ(Barpeta Satra) লগতে জিলাখনত ৰাজ্যৰ আন প্ৰান্তৰ দৰে সংক্ৰান্তিৰ দিনা উদযাপন কৰা নহয় বিহু ৷

সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ বহু সত্ৰত দেওবাৰেহে পালন কৰা হৈছে মাঘ বিহুৰ উৰুকা (Magh Bihu at Bapeta Satra)৷ দেওবাৰে সত্ৰনগৰী বৰপেটাকে মুখ্য কৰি জিলাখনৰ শতাধিক গাঁৱৰ সত্ৰবাসী ৰাইজে উদযাপন কৰিছে ভেগালীৰ উৰুকা ৷ উৰুকা উপলক্ষে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ(Barpeta Satra Kirtanghar) টুপৰ চোতালত মেজি নিৰ্মাণত ব্যস্ত হৈ পৰিছে লোকসকল ৷

বৰপেটা সত্ৰৰ লগতে সত্ৰৰ হাটীসমূহত ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে ডেকা-বুঢ়া সকলো ৷ পৰম্পৰা অনুসৰি বৰপেটাত বিৰিণা, নল-খাগৰি, কহুৱা আদিৰে ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰা হয় (Meji at Barpeta Satra)৷ মেজি অথবা ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াও আধুনিকতাক আদৰি লোৱা নাই সত্ৰবাসীয়ে ৷

ভোগালীৰ উৰুকাৰ মেজি বা ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰতো পৰম্পৰাকেই সাৱটি আছে সত্ৰবাসীয়ে (Bhogali Bihu at Barpeta Satra)৷ সত্ৰনগৰী বৰপেটাত সত্ৰীয়া পৰম্পৰা অনুসৰি পূণ্যমাহ হিচাবে মাঘ মাহতহে মেজি প্ৰজ্বলন কৰি অগ্নিসেৱা কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে ৷ সেই অনুসৰি পাঁচদিনীয়াকৈ পালন কৰা মাঘ বিহুৰ পৰম্পৰা অনুসৰি আজি উৰুকা পালন কৰি কাইলৈ পহিলা মাঘৰ দিনটোত মেজি প্ৰজ্বলনেৰে অগ্নিদেৱতাক সেৱা জনাব সত্ৰনগৰী বৰপেটাৰ লগতে জিলাখনৰ শতাধিক গাঁওবাসীয়ে ৷

সত্ৰীয়া পৰম্পৰা অনুসৰি কাইলৈ পুৱা সত্ৰৰ ভকতসকলে বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলিত কৰাৰ পিচতেই সত্ৰনগৰীৰ হাটীসমূহত নিৰ্মাণ কৰা মেজিসমুহ প্ৰজ্বলিত কৰা হ’ব ৷ আজি উৰুকাৰ নিশা বৰপেটাত উৰুকাৰ ভোজ-ভাতৰ লগতে বিশেষভাৱে জনপ্ৰিয় আলু ভজা খোৱা হ’ব ৷ বৰপেটাৰ স্থানীয় ভাষাত যাক কোৱা হয় গাতাৰ আলু ভাজা ৷

উল্লেখ্য যে, বৰপেটা সত্ৰ তথা সমগ্ৰ জিলাখনত মাঘ বিহু 5 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ৷ ঠিক সেইদৰে ব’হাগ বিহুও উদযাপন কৰা হয় 7 দিনীয়াকৈ ৷

লগতে পঢ়ক: Cultural Award Assam : 2022 বৰ্ষৰ বহুকেইটা সাংস্কৃতিক বঁটা ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.