ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাত আমছুৰ প্ৰতিবাদ

author img

By

Published : Nov 5, 2020, 6:02 PM IST

বৰপেটাত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। বৰ্ধিত মূল্য ৰোধৰ দাবীত প্ৰতিবাদত নামিল সংগঠনটোৰ শতাধিক নেতা-কৰ্মী। বৰপেটা জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত অৱস্থান ধৰ্মঘট।

মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাত আমছুৰ প্ৰতিবাদ
মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাত আমছুৰ প্ৰতিবাদ

বৰপেটা, ৫ নৱেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য়বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বৰপেটাত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত ২ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিয়ে। সংগঠনটোৰ শতাধিক কৰ্মীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত হাতে হাতে প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, ফনীভূষণ চৌধুৰী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, যোগান বিভাগ হায় হায় আদি শ্ল'গানেৰে উত্তাল কৰি তোলে মিলেনিয়াম পাৰ্ক।

যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ পদত্যাগৰো দাবী জনায় প্ৰতিবাদকাৰীয়ে। শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে সমগ্ৰ ৰাজ্যতে তীব্ৰ আন্দোলনৰ গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।

লগতে পঢ়ক:আপোনাৰ অলপ সহায়ৰ প্ৰয়োজন জালুকবাৰীৰ টিনাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.