ETV Bharat / state

সোণা উল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটাত অবস্থান ধৰ্মঘট

সোণা উল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত সোমবাৰে বৰপেটাত প্ৰতিবাদত নামিল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ সোণা উল্লাহৰ লগত হোৱা ঘটনাই ভাৰতীয় নাগৰিকৰ ওপৰত চলি থকা হাৰাশাস্তিক উদঙাই দিয়া বুলিও অভিহিত কৰে প্ৰতিবাদকাৰীসকলে

author img

By

Published : Jun 3, 2019, 8:15 PM IST

প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটাত অবস্থান ধৰ্মঘট

বৰপেটা, ৩ জুনঃ ৰাষ্ট্ৰপতিৰ পদকপ্ৰাপ্ত ভাৰতীয় সেনাৰ অবসৰপ্ৰাপ্ত বিষয়া সোণা উল্লাহৰ নাগৰিকত্বক লৈ সন্দেহৰ সৃষ্টি হোৱাৰ লগতে বাংলাদেশী নাগৰিক বুলি ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰা কাৰ্যৰ বিৰোধিতাৰে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ সোণা উল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত সোমবাৰে বৰপেটাত প্ৰতিবাদত নামিল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা জিলা পুথিভঁৰালত দুঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ সোণা উল্লাহৰ লগত হোৱা ঘটনাই ভাৰতীয় নাগৰিকৰ ওপৰত চলি থকা হাৰাশাস্তিক উদঙাই দিয়া বুলিও অভিহিত কৰে প্ৰতিবাদকাৰীসকলে ৷

প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটাত অবস্থান ধৰ্মঘট

প্ৰতিবাদকাৰীসকলে বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি ভাৰতীয় সেনাৰ অবসৰপ্ৰাপ্ত বিষয়াগৰাকীক অতিশীঘ্ৰে মুক্তিৰ লগতে সীমান্ত আৰক্ষীৰ হাৰাশাস্তি আৰু বিদেশী ন্যায়াধীকৰণত চলি থকা অন্যায় আৰু অনিয়ম বন্ধ কৰাৰ বাবেও দাবী উত্থাপন কৰে ৷

আৰু পঢ়কঃ সোণা উল্লাহ বিতৰ্কঃ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ

Slug:     as_bar_3june_kmss_absthan_dharmaghat_vis+bite+photo_7203841                        
 সেনাৰ অবসৰপ্ৰাপ্ত বিষয়া সোনা উল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অবস্থান ধৰ্মঘট ৷

বৰপেটা, ৩ জুনঃ ভাৰতীয় সেনাৰ অবসৰপ্ৰাপ্ত বিষয়া সোনা উল্লাহৰ নাগৰিকত্বক লৈ সন্দেহৰ সৃষ্টি হোৱাৰ লগতে বাংলাদেশী নাগৰিক বুলি ডিটেনছন কেম্পলৈ নিক্ষেপ কৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ সোনা উল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত আজি বৰপেটাত প্ৰতিবাদত নামিল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ আজি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা জিলা পুথিভৰালত দুঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি সোনা উল্লাহক বিনাচৰ্তে মুক্তিৰ দাবী জনায় ৷ সোনা উল্লাহৰ নাগৰিকত্বক লৈ উত্থাপন হোৱা সন্দেহৰ বিষয়টোৱে ভাৰতীয় নাগৰিকৰ ওপৰত চলি থকা হাৰাশাস্তিক উদঙাই দিয়া বুলিও অভিহিত কৰে প্ৰতিবাদকাৰীসকলে ৷ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰন কৰি ৰাষ্ট্ৰপতিৰ পদকপ্ৰাপ্ত সেনাবিষয়া সোনাউল্লাহক অতিশীঘ্ৰে মুক্তিৰ লগতে সীমান্ত আৰক্ষীৰ হাৰাশাস্তি আৰু বিদেশী ন্যায়াধীকৰনত চলি থকা অন্যায় আৰু অনিয়ম বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় ৷

বাইটঃ ছাত্ৰমুক্তিৰ নেতা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.