ETV Bharat / state

অসমৰ প্ৰখ্যাত চিত্ৰ তথা ভাস্কৰ্য শিল্পী বেনু মিশ্ৰৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠান

author img

By

Published : May 29, 2022, 9:12 PM IST

দেওবাৰে বৰপেটা কলা একাডেমীত বেনু মিশ্ৰ সোঁৱৰণী ন্যাসৰ উদ্যাগত বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় (Artist Benu Mishra memorial lecture) ৷ বক্তৃতানুষ্ঠান উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷

artist benu mishra memorial lecture in Barpeta
অসমৰ প্ৰখ্যাত চিত্ৰ তথা ভাস্কৰ্য শিল্পী বেনু মিশ্ৰৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠান

বৰপেটা, 29 মে’ : গুৱাহাটীৰ আৰ্টিষ্ট গীল্ড আৰু বৰপেটা কলা একাডেমীৰ সহযোগত বেনু মিশ্ৰ সোঁৱৰণী ন্যাসে শিল্পীগৰাকীৰ জন্মভূমি বৰপেটাত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে (Artist Benu Mishra memorial lecture) ৷ দেওবাৰে বৰপেটা কলা একাডেমীত অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠান উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷

মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কবীন্দ্ৰ নাথ দাস আৰু বৰপেটাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ কুলৰঞ্জন ডেকাই এই অনুষ্ঠানত উপস্থিত থাকি বেনু মিশ্ৰৰ জীৱন-কৃতি আৰু সৃষ্টি ৰাজিৰ ওপৰত আলোকপাত কৰে ৷

লগতে এই বক্তৃতানুষ্ঠানৰ লগত ৰাখি গুৱাহাটীৰ আৰ্টিষ্ট গীল্ড আৰু বৰপেটা কলা একাডেমীৰ সহযোগত এখন চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয় (Pictures at an Exhibition) ৷ চিত্ৰ প্ৰদৰ্শনীত বেনু মিশ্ৰৰ দ্বাৰা অংকিত কেতবোৰ বিশেষ চিত্ৰৰ লগতে বৰপেটা কলা একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অংকিত একাংশ চিত্ৰও প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় ৷

লগতে পঢ়ক : এটা পৰিয়ালৰে সদস্য আছিল নেপালত সন্ধানহীন বিমানখনৰ চাৰিওজন ভাৰতীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.