ETV Bharat / state

NRCৰ পৰা বাদ পৰিল ভাৰতীয় সেনা জোৱান

author img

By

Published : Sep 1, 2019, 10:55 AM IST

বৰপেটা জিলাৰ কলগাছিয়াত NRC তালিকাৰ পৰা বাদ পৰিল ভাৰতীয় সেনা বাহিনীত কৰ্মৰত 3 জোৱানসহ পৰিয়ালবৰ্গৰ নাম ৷ NRCৰ প্ৰথমখন খচৰাত পৰিয়ালটোৰ নাম সন্নিৱিষ্ট আছিল যদিওঁ চূড়ান্ত খচৰাৰ পৰা সেনা জোৱানকেইজনৰ নাম বাদ পৰা ঘটনাই এক জটিল প্ৰশ্নৰ সৃষ্টি কৰিছে ৷ আনহাতে অজিত আলী নামৰ আন এজন সেনা জোৱানসহ পৰিয়ালৰ নাম বাদ পৰিছে NRC-ৰ পৰা ৷

NRCৰ পৰা বাদ পৰিল ভাৰতীয় সেনা জোৱান

বৰপেটা, 1 চেপ্তেম্বৰঃ 31 আগষ্টত প্ৰকাশিত হোৱা চূড়ান্ত NRC ৰ তালিকাৰ পৰা বাদ পৰিল ভাৰতীয় সেনা বাহিনীত কৰ্মৰত 3 জোৱানসহ পৰিয়ালবৰ্গৰ নাম ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ বাসিন্দা এই তিনিজনকৈ ভাই-ককাই ক্ৰমে শ্বহিদুল ইছলাম, দেলবৰ হুছেইন আৰু মিজানুৰ আলী ভাৰতীয় সেনাত কৰ্মৰত ৷ NRCৰ প্ৰথমখন খচৰাত পৰিয়ালটোৰ নাম সন্নিৱিষ্ট আছিল যদিওঁ চূড়ান্ত খচৰাৰ পৰা সেনা জোৱানকেইজনৰ নাম বাদ পৰা ঘটনাই এক জটিল প্ৰশ্নৰ সৃষ্টি কৰিছে ৷

NRCৰ পৰা বাদ পৰিল ভাৰতীয় সেনা জোৱান

পৰিয়ালটোৱে NRCৰ বাবে উপযুক্ত প্ৰমাণ পত্ৰ জমা দিছিল যদিও কেৱল শ্বহিদুল ইছলামৰ নামটোহে গ্ৰহণ কৰা পৰিলক্ষিত হ’ল ৷ আনহাতে অজিত আলী নামৰ আন এজন সেনা জোৱানসহ পৰিয়ালৰ নাম বাদ পৰিছে ৷ প্ৰকৃত ভাৰতীয় নাগৰিকৰ সকলোবোৰ প্ৰমাণ পত্ৰ জমা দিয়াৰ পিছতো কোনো ধৰণৰ জাননী নিদিয়াকৈ পৰিয়ালৰটোৰ 6 জনকৈ সদস্যৰ নাম NRCৰ পৰা নাম বাদ পৰাত ক্ষোভিত পৰিয়ালটো ৷ ভূক্তভোগীয়ে কৰ্তৃপক্ষক অতি শীঘ্ৰেই বিষয়টো সমাধানৰ দাবী জনাইছে ৷

Intro:বৰপেটা জিলাৰ কলগাছিয়াত NRC তালিকাৰ পৰা বাদ পৰিল দুই পৰিয়ালৰ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত ৩ জোৱান ।

Body: সদ্য ঘোষিত NRC তালিকাত ভাৰতীয় সেনা বাহিনীৰ কৰ্মৰত ৩ জোৱান আৰু পৰিয়ালৰ সদস্য বৰ্গৰ নাম বাদ পৰা ঘটনাই এক জটিল প্ৰশ্নৰ সৃষ্টি কৰিছে । কলগাছিয়াৰ সৰুহৰিদ গাৱৰ দুই পৰিয়ালৰ কাহিনী । জানিব পৰা মতে পৰিয়ালটোৰ সদস্য শ্বহিদুল ইছলাম, দেলবৰ হুছেইন আৰু মিজানুৰ আলী তিনিজনকৈ ভাই-ককাইয়ে ভাৰতীয় সেনাত কৰ্মৰত । পিতৃ আব্দুল হামেদৰ নামত LDC 12000208806 যুক্ত NRC আৰু মাতৃ খদেজা বেগমৰ নামত LDC 12030305062 নম্বৰৰ ১৯৭০ চনৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট আছে । উল্লেখযোগ্য যে, চলিত NRC ৰ প্ৰথম খন খচৰাত পৰিয়াল টোৰ সমূহ সদস্যৰে নাম অন্তৰ্ভুক্ত হৈছিল যদিও চুড়ান্ত খচৰাত FTগোচৰৰ অজুহাতত পৰিয়ালৰ আটাইয়েৰে নাম কৰ্তন কৰা পৰিলক্ষিত হল । আইনী সংগ্ৰামত মাতৃ সহ আটাই কেইজন ভাতৃয়ে ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ পালে আনকি মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সীমান্ত বিভাগৰ ৰাজনৈতিক সচিব নিৰঞ্জন বৰুৱাই আৰ্মীৰ কোমাণ্ডিং অফিচাৰ কলনেল হৰি কে নাইৰ লৈ পত্ৰ প্ৰেৰণ কৰি পৰিয়ালটোৰ সমূহ সদস্যৰ ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ দিলে । কিন্তু এই যাৱতীয় প্ৰমাণ পত্ৰ সহ claim কৰাৰ পিছতো শ্বহিদুল ইছলামৰ নামটো NRC কৰ্তৃপক্ষই গ্ৰহণ কৰিছে যদিও মাতৃ আৰু দুই সেনা ভাতৃ সহ পৰিয়ালৰ ৫ জনকৈ সদস্যৰ নাম গ্ৰহণ কৰা নাই ।

বাইট : ভূক্তভোগীৰ ( হিন্দিতো বাইট দিলো )।

Conclusion:ইপিনে একে গাৱৰে আজিত আলি নামৰ আন এজন সেনা জোৱান সহ পৰিয়ালটোৰ ককায়েক আব্দুচ চবুৰ পৰামানিকৰ LDC 20000088811 যুক্ত NRC জমা দিয়া সত্ত্বেও কোনো ধৰণৰ জাননী নিদিয়াকৈ পৰিয়ালৰটোৰ ৬ জনকৈ সদস্যৰ নাম NRCৰ পৰা বাদ ৰখাৰ অভিযোগ উঠিছে । প্ৰকৃত ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ পোৱাৰ পিছত সেনা বাহিনীত কৰ্মৰত আজিত আলী আৰু পৰিয়াল বৰ্গৰ নাম NRC ত অন্তৰ্ভূক্ত কৰিবলৈ ভূক্তভোগীয়ে কৰ্তৃপক্ষক দাবী জনাইছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.