ETV Bharat / state

সংবাদ কৰ্মীক অভব্য আচৰণ অংগনবাড়ী কৰ্মীৰ - সংবাদ কৰ্মীক অভব্য আচৰণ অংগনবাড়ী কৰ্মীৰ

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক চৰকাৰী নিয়ম নমনা এগৰাকী অংগনবাড়ী কৰ্মীৰ অভব্য আচৰণ (Anganwadi worker rudely behaves towards journalist) ৷ নিজৰ খেয়াল খুচি মতেহে কেন্দ্ৰটোলৈ আহে কৰ্মীগৰাকীয়ে ৷ অংগনবাড়ী কৰ্মীগৰাকীৰ এই অভব্য ব্যৱহাৰত লজ্জিত এতিয়া শিক্ষিত সমাজ ৷

সংবাদ কৰ্মীক অভব্য আচৰণ অংগনবাড়ী কৰ্মীৰ

author img

By

Published : Sep 10, 2022, 6:27 PM IST

জনিয়া, 10 ছেপ্টেম্বৰ : গুৰু গোঁসাই নমনা এগৰাকী অংগনবাড়ী কৰ্মী ৷ চৰকাৰে বান্ধি দিয়া নিয়ম নামানে অংগনবাড়ী কৰ্মীগৰাকীয়ে ৷ নিজৰ খেয়াল খুচি মতেহে অংগনবাড়ী কৰ্মীগৰাকী আহে অংগনবাড়ী কেন্দ্ৰলৈ ৷ এই অভিযোগ বৰপেটাৰ ৰূপসীৰ একাংশ লোকৰ ৷

উল্লেখ্য যে, অংগনবাড়ী কৰ্মীগৰাকীৰ নাম ৰুকিয়া খাতুন ৷ ৰুকিয়া খাতুন হৈছে ৰূপসী সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অন্তৰ্গত আদিতপুৰ 215 নং অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী । অন্য দিনাৰ দৰে শনিবাৰেও পুৱা বহু পলমকৈ কেন্দ্ৰলৈ আহিছিল কৰ্মীগৰাকীয়ে ৷

সংবাদ কৰ্মীক অভব্য আচৰণ অংগনবাড়ী কৰ্মীৰ

ৰাইজৰ অভিযোগৰ ভিত্তিত উক্ত কেন্দ্ৰটোত উপস্থিত হয় সাংবাদিকৰ এটা দল ৷ সংবাদকৰ্মীয়ে ৰুকিয়া খাতুনক এতিয়া কেইটা বাজিছে বুলি প্ৰশ্ন কৰাত তেতিয়া তেওঁ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অভব্য আচৰণ কৰে (Anganwadi worker rudely behaves towards journalist)৷ এই ঘটনাক কেন্দ্ৰ কৰি উক্ত অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ (Tense situation at Kalgachia) ৷

লগতে পঢ়ক : BPF ক অস্ত যোৱা সূৰ্য আখ্যা বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

আনহাতে, অংগনবাড়ী কৰ্মী ৰুকিয়া খাতুনে কৰা ব্যৱহাৰত এতিয়া লজ্জিত হৈছে অঞ্চলটোৰ ৰাইজ ৷ স্থানীয় দল সংগঠনৰ লগতে অঞ্চলটোৰ ৰাইজেও ৰুকিয়া খাতুনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷ ইফালে একাংশ লোকে অভিযোগ কৰা অনুসৰি, অস্থায়ীভাৱে স্থাপন কৰা হৈছে উক্ত অংগনবাড়ী কেন্দ্ৰটো (Anganwadi Worker Corruption at Kalgachia) ৷

য’ত নাই পৰ্যাপ্ত শিক্ষাৰ্থীও ৷ কেৱল মাত্ৰ টিঙৰ বেৰ দি স্থাপন কৰা হৈছে উক্ত কেন্দ্ৰটো ৷ কেন্দ্ৰটোৰ নামত অহা চৰকাৰী সকলো খাদ্য সামগ্ৰী হস্তাগত কৰে অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী ৰুকিয়া খাতুনে ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষক উক্ত বিষয়টোৰ সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ দাবী জনাইজে অঞ্চলটোৰ ৰাইজৰ লগতে স্থানীয় দল সংগঠনৰ কৰ্মীয়ে ৷

লগতে পঢ়ক : লাখপতিৰ নামত PMAY ঘৰ : প্ৰতিবাদত উত্তাল মধ্য নাওবৈচা পঞ্চায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.