ETV Bharat / state

ফাৰ্মাচিষ্ট নাই; চকীদাৰেই কাম চলাইঃ ঘটনাটো জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ

author img

By

Published : Nov 15, 2019, 9:14 AM IST

Updated : Nov 15, 2019, 12:20 PM IST

মানুহৰ জীৱনক লৈ হেতালি চলিছে বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধীনস্থ জনীয়া ৰাজ্যিক চিকিৎসালয়ত ৷ ৰোগীক দৰৱ বিতৰণ কৰে চিকিৎসালয়খনৰ চকীদাৰে ৷

প্ৰহসনত পৰিণত জনীয়া ৰাজ্যিক চিকিৎসালয়

জনীয়া, 15 নৱেম্বৰঃ গভীৰ নিদ্ৰাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ ৷ আজৱ কাণ্ড জনীয়া ৰাজ্যিক চিকিৎসালয়ত ৷ ফাৰ্মাচিষ্টৰ সলনি ৰোগীক দৰৱ বিতৰণ কৰে চিকিৎসালয়খনৰ চকীদাৰে ৷ বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধীনস্থ জনীয়া ৰাজ্যিক চিকিৎসালয়ত চলিছে মানুহৰ জীৱনক লৈ হেতালি ৷ চিকিৎসালয়ত উপস্থিতি নিয়মীয়া নহয় একাংশ বিষয়া-কৰ্মচাৰীৰ ৷ চিকিৎসালয়খনৰ ফাৰ্মাচিষ্ট আব্দুল কাদিৰ বেছিভাগ সময়ে উপস্থিত নাথাকে চিকিৎসালয়ত ৷ ফলত চিকিৎসালয় কৰ্তৃপক্ষই ছাহজাহান নামৰ চকীদাৰজনৰ জৰিয়তেই চলাইছে ফাৰ্মাচি ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

প্ৰহসনত পৰিণত জনীয়া ৰাজ্যিক চিকিৎসালয়

আনহাতে চিকিৎসালয়খনৰ ড্ৰেছাৰ সুবাস দাসৰো মইমতালিয়ে পাইছে চৰম সীমা ৷ এতিয়া দিনক দিনে বৃদ্ধি পাইছে জনীয়া ৰাজ্যিক চিকিৎসালয়ত অৰাজকতা ৷ এই চৰম অৰাজকতাৰ বিৰুদ্ধে বৰপেটা জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী কৰি ক্ষোভ উজাৰিছে স্থানীয় ভুক্তভোগী ৰাইজে ৷

আৰু পঢ়কঃ শিৱসাগৰত ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ

Intro:slug: as_jania_14nov_chowkidar_as_pharmacist_vis3+byt6+pho1_spl_pkg_story_asc10058

Anchor: জনীয়া ৰাজ্যিক চিকিৎসালয়ত আজব কাণ্ড। চকীদাৰে ৰোগীক বিতৰণ কৰে দৰৱ। মানুহৰ জীৱনক হেতালী খেলিছে জনীয়া ৰাজ্যিক চিকিৎসালয় কতৃপক্ষই। ভেকভাওনাত পৰিণত স্বাস্থ্য মন্ত্ৰী হিমন্ত ড৹ বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ। এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন -Body:slug: as_jania_14nov_chowkidar_as_pharmacist_vis3+byt6+pho1_spl_pkg_story_asc10058

VO: বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধিনস্ত জনীয়া ৰাজ্যিক চিকিৎসালয়ত চলিছে মানুহৰ জীৱনক লৈ হেতালী খেলা। পূৰ্বও ঘটনা সন্দৰ্ভত বিস্তাৰিত বাতৰি পৰিবেশন হোৱাৰ পাছতো বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকে ৰাইজৰ পক্ষত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত দিনক দিনে বৃদ্ধি পাইছে জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ অৰাজকতা। চিকিৎসালয়ত কেৱল মাত্ৰ হাজিৰা বহীত চহী ফাৰ্মাচিষ্ট আব্দুল কাদিৰে পোন্ধৰ দিন অথবা এমাহৰ মূৰে মূৰে চিকিৎসালয়ত ভূমুকি মৰাৰ অভিযোগ পোৱা গৈছে। তাৰ পৰিপ্ৰেক্ষিতত ছাজাহান নামৰ এজন চকীদাৰৰ জৰিয়তে চিকিৎসালয় কতৃপক্ষই চলাই গৈছে ফাৰ্মাচি। অনাভিজ্ঞ চকীদাৰ জনে কেতিয়াবা ঘাৰ বেমাৰৰ ৰোগীক পেলুৰ দৰব আন কেতিয়াবা শাল মইনাৰ ৰোগীক খজুৱতিৰ দৰব দিয়াৰ অভিযোগ পোৱা গৈছে। ইয়াৰোপৰি প্ৰায় গৰাকী বিষয়া কৰ্মচাৰী চিকিৎসালয়ত উপস্থিত হয় বহু দেৰিকৈ। কোনো কোনো জন ১০-৩০ পৰা ১১ বজাত। জানিবলৈ দিয়ে। চিকিৎসালয়খনৰ ড্ৰেছাৰ সুবাস দাসে কোনো কতৃপক্ষলৈ কেৰেপ নকৰা অতিকৈ দূৰ্ভাগ্যজনক বুলি ৰাইজৰ মাজত বিবেচিত হৈছে। এই ক্ষেত্ৰত শীঘ্ৰেই ফাৰ্মাচিষ্ট, ড্ৰেছাৰ, আৰু চকীদাৰ ছাজাহানৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বৰপেটা উপায়ুক্তৰ হস্তক্ষেপ কামনা কৰিছে ভূক্তভোগী ৰাইজে।

Special Package StoryConclusion:slug: as_jania_14nov_chowkidar_as_pharmacist_vis3+byt6+pho1_spl_pkg_story_asc10058

Byt: ড্ৰেছাৰ সুবাস দাস, সাজাহান আলি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, ডাঃ ছামাদ আলী,
আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছানৰ প্ৰতিবেদন ই টিভি ভাৰত অসম।

Special Package Story
Last Updated : Nov 15, 2019, 12:20 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.