ETV Bharat / state

বৰপেটাত পৰিশ্ৰমৰ বঁটা গ্ৰহণ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে - বি এইছ মহাবিদ্যালয়

বি এইছ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ অংশগ্ৰহণ ৷

ananda ram baruah award 2023 distribute among students
আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 7:37 PM IST

আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

বৰপেটা, ২৯ নৱেম্বৰ : ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বতৰাৰে অসম চৰকাৰে আগবঢ়োৱা চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কাৰ্যসূচী বুধবাৰে বৰপেটা জিলাত আৰম্ভ কৰে ৰাজ্যৰ শক্তি, সমবায়, জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই । জিলাখনৰ ১,৩১৮ গৰাকী ছাত্ৰ-ছাত্ৰীক চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় ।

হাউলীস্থিত বৰপেটা ৰোড হাউলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বঁটা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰি মন্ত্ৰী গাৰ্লোছাই কয় যে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকললৈ এই বঁটা আগবঢ়োৱা হৈছে । ইয়াৰ জৰিয়তে সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব বিচৰা হৈছে । গাৰ্লোছাই বঁটা প্ৰাপক ছাত্ৰ-ছাত্ৰীসকলক ইয়াতকৈও অধিক সফলতাৰে নিজৰ বিদ্যায়তনিক ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ বাবে অধ্যৱসায় কৰিবলৈ আহ্বান জনায় ।

ananda ram baruah award 2023 distribute among students
আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

ইয়াৰ লগতে তেওঁ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ৭৫ শতাংশ নম্বৰ লাভ নকৰাৰ বাবে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম নহ’ল, সেইসকলক হতাশ নহৈ পৰৱৰ্তী পৰীক্ষাসমূহত সফলতা অৰ্জনৰ লক্ষ্য লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় । প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে কয় যে, অসমক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য ৰূপে প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰে কাম কৰিছে । কিন্তু এই লক্ষ্যত এজন মুখ্যমন্ত্ৰী অথবা চৰকাৰৰ মন্ত্ৰীসকলে অকলে ৰাজ্যখনক উপনীত কৰিব নোৱাৰে । ইয়াৰ বাবে সমাজৰ তথা ৰাজ্যৰ প্ৰতিজন লোকৰ বৰঙণি লাগিব । এইক্ষেত্ৰত আজি বঁটা প্ৰাপক ছাত্ৰ-ছাত্ৰীসকলক নিজৰ পাৰদৰ্শিতাৰে সহযোগিতা আগবঢ়াবলৈ মন্ত্ৰী গাৰ্লোছাই আহ্বান জনায় ৷

বৰপেটা ৰোড হাউলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ভূষণ চন্দ্ৰ পাঠকে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মন্ত্ৰী গাৰ্লোছাই প্ৰতীকী ৰূপত আঠ গৰাকী ছাত্ৰ-ছাত্ৰীক বঁটাৰ ১৫ হাজাৰ টকাৰ প্ৰতীকী চেক প্ৰদান কৰে । ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰো উপস্থিত থকা সভাখনত বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গ, অতিৰিক্ত আয়ুক্ত খনীন দাস আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল চন্দ্ৰ দাস উপস্থিত থাকে ৷

লগতে পঢ়ক : কৃতী ছাত্ৰ-ছাত্ৰীৰ বঁটা প্ৰদান অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.