ETV Bharat / state

কন্টেইনমেন্ট জ'ন ঘোষণা বৰপেটা সত্ৰৰ সমীপৰ অঞ্চল - গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু বি বি বৰুৱা কৰ্কট

কৰ্কট ৰোগত আক্ৰান্ত ৰণজিৎ সূত্ৰধাৰ নামৰ লোকজনৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ পিচতে এই ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে ৷ নিশাৰ ভাগতে বৰপেটা সত্ৰলৈ যোৱা দলাহাটীৰ বাটচ'ৰাৰ পৰা উত্তৰহাটীৰ বাটচ'ৰা পথটো বাঁহৰ বেৰিকেডেৰে বন্ধ কৰি দিয়ে প্ৰশাসনে ৷

Barpeta Satra
বৰপেটা সত্ৰ
author img

By

Published : Jun 18, 2020, 1:32 PM IST

বৰপেটা, ১৮ জুন: বৰপেটা সত্ৰৰ সমীপৰ এটা অঞ্চলত বাস কৰা এগৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিচতেই উত্তৰ হাটীৰ বাটচ'ৰাৰ আশপাশৰ অঞ্চলটো কন্টেইনমেন্ট জ'ন ঘোষণা কৰে জিলা প্ৰশাসনে ৷ কৰ্কট ৰোগত আক্ৰান্ত ৰণজিৎ সূত্ৰধাৰ নামৰ লোকজনৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ পিচতে এই ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে ৷ নিশাৰ ভাগতে বৰপেটা সত্ৰলৈ যোৱা দলাহাটীৰ বাটচ'ৰাৰ পৰা উত্তৰহাটীৰ বাটচ'ৰা পথটো বাঁহৰ বেৰিকেডেৰে বন্ধ কৰি দিয়ে প্ৰশাসনে ৷ অঞ্চলটোত সাধাৰণ লোকৰ অহা যোৱাৰ ক্ষেত্ৰটো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷

জানিব পৰা মতে, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বৰপেটাৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু বি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ অহা-যোৱা কৰি আছিল লোকজন ৷ কিছুদিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লোকজনৰ COVID ১৯ পৰীক্ষা কৰা হৈছিল ৷ বুধবাৰে COVID ১৯ পজিটিভ বুলি চিনাক্ত হয় ৰণজিৎ সূত্ৰধাৰ ৷

কন্টেইনমেন্ট জ'ন ঘোষণা বৰপেটা সত্ৰৰ সমীপৰ অঞ্চল

লগতে পঢ়কঃ হোজাইত দলবদ্ধ ধৰ্ষন আৰু হত্যাৰ গোচৰত এজনক আটক

ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰণজিৎ সূত্ৰধাৰক ৷ এই পৰ্যন্ত লোকজনৰ কৰ'ণা সংক্ৰমণৰ উৎস জানিব পৰা যোৱা নাই ৷ ইপিনে ৫১ বছৰীয়া ৰণজিৎ সূত্ৰধাৰ কৰ'ণাত আক্ৰান্ত হোৱাৰ পিচতে পৰিয়ালটোৰ লোকসকলক হোম কোৱাৰেন্টাইন কৰিছে প্ৰশাসনে ৷ স্বাস্থ্য বিভাগৰ লোকে স্বাস্থ্য পৰীক্ষাও কৰিছে পৰিয়ালৰ সদস্যসকলক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.