ETV Bharat / state

এটা অংগনবাদী কেন্দ্ৰই উদঙাইছে সমাজ কল্যাণ বিভাগৰ প্ৰকৃত ছবি - মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প

শিশুৰ শাৰীৰিক, মানসিক বিকাশৰ বাবে কাম কৰি অহা সমাজ কল্যাণ বিভাগৰ প্ৰকৃত ছবিখন উদঙাইছে বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত এটি অংগনবাদী কেন্দ্ৰই ৷ কেন্দ্ৰটোৰ জহি-খহি যোৱা বাঁহেৰে নিৰ্মিত ঘৰটোৱে বহন কৰিছে ৰাজ্যত সমাজ কল্যাণ বিভাগৰ গুৰুত্ব কিমান ৷

এটা অংগনবাদী কেন্দ্ৰই উদঙাইছে সমাজ কল্যাণ বিভাগৰ প্ৰকৃত ছবি

author img

By

Published : May 10, 2021, 12:53 PM IST

জনীয়া, 10 মে': বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত এটি অংগনবাদী কেন্দ্ৰ ৷ যিটো কেন্দ্ৰই উদঙাইছে সমাজ কল্যাণ বিভাগৰ প্ৰকৃত ছবিখন ৷ শিশুৰ শাৰীৰিক, মানসিক বিকাশৰ বাবে কাম কৰি অহা বিভাগটোৰ অন্তৰ্গত 408 নং সালেকুৰা অংগনবাদী কেন্দ্ৰটো পৰিণত হৈছে গোহালি ঘৰত ৷

এটা অংগনবাদী কেন্দ্ৰই উদঙাইছে সমাজ কল্যাণ বিভাগৰ প্ৰকৃত ছবি

কেন্দ্ৰটো প্ৰত্যক্ষ কৰিলে অনুমান কৰিব নোৱাৰিব এইটো অংগনবাদী কেন্দ্ৰ নে গোহালি ঘৰ ৷ জহি-খহি গৈছে কেন্দ্ৰটোৰ বাঁহেৰে নিৰ্মিত ঘৰটো ৷ বৃহত্তৰ অঞ্চলটোৰ বহু শিশুৱে প্ৰাক প্ৰাথমিক শিক্ষা লাভ কৰিবলগীয়া এই কেন্দ্ৰটোত তিলমাত্ৰাও নাই শিক্ষাৰ পৰিৱেশ ৷

ইয়াৰ উপৰিও অংগনবাদী কেন্দ্ৰটোত ব্যাপক অনিময়ৰ অভিযোগ দীৰ্ঘদিনীয়া । ৰাইজৰ অভিযোগ অনুসৰি কেন্দ্ৰটোৰ কৰ্মী জৰ্জিনা খাতুনে চৰকাৰৰ পৰা লাভ কৰা সকলো খাদ্য বস্তু নামমাত্ৰ বিতৰণ দেখুৱাই বাকীখিনি আত্মসাৎ কৰে। এই সম্পৰ্কে অভিভাৱক সকলে জানিব বিচাৰিলেও কোনো ধৰণৰ গুৰুত্ব নিদিয়ে ৷ ৰাইজে কেন্দ্ৰটোৰ বিৰুদ্ধে চিডিপিঅ' তথা সমাজ কল্যাণ বিভাগে অতিশীঘ্ৰে ন্যায়িক তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ অধ্যক্ষৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.