ETV Bharat / state

কলগাছিয়াত মৰণ ফান্দত পৰিণত বিকল্প ৰাজ্যিক ঘাই পথ

author img

By

Published : Oct 3, 2020, 8:18 PM IST

কলগাছিয়াত মৰণ ফান্দত পৰিণত হৈছে আমিনগাঁৱৰ পৰা জনীয়া হৈ উত্তৰ শালমাৰালৈ যোৱা বিকল্প ৰাজ্যিক ঘাই পথ ৷ সাধাৰণ বৰষুণতে পথৰ মাজত পুখুৰী সদৃশ গাঁত ৷ বেকী নদীৰ পৰা অবৈধভাৱে বালি খনন কৰি নিম্নমানেৰে পথ নিৰ্মাণ কৰাৰ ফলতে পথৰ এই দুৰৱস্থা হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই দুৰৱস্থাৰ ফলত বহু সময়ত দুৰ্ঘটনাও সংঘটিত হৈছে উক্ত পথত ৷

কলগাছিয়াত মৰণ ফান্দত পৰিণত  বিকল্প ৰাজ্যিক ঘাই পথ
কলগাছিয়াত মৰণ ফান্দত পৰিণত বিকল্প ৰাজ্যিক ঘাই পথ

জনীয়া, 3 অক্টোবৰ: পুখুৰী সদৃশ গাঁতৰ সৈতে মৰণ ফান্দত পৰিণত আমিনগাঁৱৰ পৰা জনীয়া হৈ উত্তৰ শালমাৰালৈ যোৱা বিকল্প ৰাজ্যিক ঘাই পথ ৷ কলগাছিয়াত ৰাজ্যিক ঘাইপথৰ মাজতে সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতে এতিয়া জলা কলা খুৱাইছে ৰাইজক ৷ ৰাইজৰ অভিযোগ বেকী নদীৰ পৰা অবৈধ ভাবে বালি খনন কৰি গৌতম কন্সট্ৰাকশ্যনে অতি নিম্ন মানেৰে পথটো নিৰ্মাণ কৰাৰ ফলতে এই দুৰৱস্থাৰ সৃষ্টি হৈছে ৷

কলগাছিয়াত পুখুৰী সদৃশ গাঁতেৰে সৈতে মৰণ ফান্দত পৰিণত বিকল্প ৰাজ্যিক ঘাই পথ

ইতিমধ্যে পথটোৰ দুৰৱস্থাৰ ফলতে দুৰ্ঘটনা সংঘটিত হৈ বহুলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ স্থানীয় লোক সকলে অভিযোগ কৰি কয় যে এজাক বৰষুণতে পথটো জহি খহি যায় ৷ যাৰ বাবে পথটোত কেতিয়া কোন ঠাইত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ মৃত্যুদূতৰ দৰে অপেক্ষা কৰি থাকে সেয়া কোনেও অনুমান কৰিব নোৱাৰে ৷ এনে পৰিপ্ৰেক্ষিততে এতিয়া বৰষুণ আহিলেই দুঃশ্চিন্তাত পৰে এইসকল লোক ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে জনিয়া সমষ্টিৰ শওপুৰ, ছনপুৰা, চৰিয়তপুৰ, ক্ষুদ্ৰকুছি, বৰটাৰী আদি অঞ্চলত এজাক বৰষুণতেই বিকল্প ৰাজ্যিক ঘাই পথটো জহি খহি মৰণ ফান্দত পৰিণত হয় ৷ দৈনিক হাজাৰ হাজাৰ মানুহ আৰু গাড়ী মটৰ অহা যোৱা কৰা এই পথটোৰ এনে দুৰৱস্থাৰ ফলত চিন্তিত ৰাইজে অতি সোনকালে পথটো পুনৰ্নিমাণৰ দাবী জনাইছে ৷

লগতে পঢ়ক: পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.