ETV Bharat / state

বৰপেটাত চৰকাৰী চাউলৰ নামত চোৰাং বেহা ! - pds rice scam in barpeta

বাংলাদেশলৈ গোপনে সৰবৰাহ কৰা হৈছে বহৰিৰ অন্ন সুৰক্ষাৰ চাউল ৷ বহৰিস্থিত উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ চাউলৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

rice-scam-in-barpeta
বৰপেটাত চৰকাৰী চাউলৰ নামত চোৰাং বেহা
author img

By

Published : Sep 28, 2021, 10:13 AM IST

বৰপেটা, 28 ছেপ্তেম্বৰ : বৰপেটাত অন্ন সুৰক্ষাৰ চাউলৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ বহৰিস্থিত উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ চাউল বাংলাদেশলৈ সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে ৷ তদন্তৰ বাবে বহৰিত উপস্থিত হয় অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ বিষয়া ৷

rice-scam-in-barpeta
বৰপেটাত চৰকাৰী চাউলৰ নামত চোৰাং বেহা

অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অধীক্ষক দিলীপ কুমাৰ ডেকা আৰু উপ আৰক্ষী অধীক্ষক ইন্দ্ৰজিৎ পাঠকৰ নেতৃত্বত উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাচতো বিষয়াৰ দলটোৱে সাক্ষাৎ নাপালে সমবায় সমিতিখনৰ সম্পাদক মুক্তাৰ হুছেইনৰ ৷

বিষয়াৰ দলটোৱে জনোৱা মতে, উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইেন বিগত তিনিদিন ধৰি মোবাইল বন্ধ কৰি আত্মগোপন কৰি আছে৷ সমবায় সমিতিখনৰ সম্পাদক মুক্তাৰ হুছেইনৰ সন্ধান নাপাই গুৱাহাটীলৈ উভতি যাবলগীয়া হয় দলটো ৷ দুদিনৰ ভিতৰত সমবায় সমিতিখনৰ সকলো নথি-পত্ৰ দাখিল কৰাৰ নিৰ্দেশ জাৰি কৰি উভতি যায় বিষয়াৰ দলটো ৷

বৰপেটাত চৰকাৰী চাউলৰ নামত চোৰাং বেহা

উত্তৰ বগুৰিবাৰী সমবায় সমিতিখনৰ বিৰুদ্ধে ইতিমধ্যে উত্থাপিত হৈ আহিছে বহু অভিযোগ ৷ আনকি 24 ছেপ্তেম্বৰৰ নিশা সমবায় সমিতিখনৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপথেৰে গোৱালপাৰা হৈ বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত নাওসহ প্ৰায় 400 বস্তা চাউল জব্দ কৰিছিল আৰক্ষীয়ে ৷

rice-scam-in-barpeta
বৰপেটাত চৰকাৰী চাউলৰ নামত চোৰাং বেহা

ঘটনাৰ সৈতে জড়িত স্থানীয় লোকে তিনিটা চোৰাং চাউল ব্যৱসায়ীক আৰক্ষীৰ হাতত চমজাই দিছিল যদিও আৰক্ষীৰ হাতৰ পৰাই ৰহস্যজনকভাৱে ব্যৱসায়ী তিনিজন অন্তৰ্ধান হৈ পৰে ৷ স্বয়ং গাঁওবুঢ়াই স্বীকাৰ কৰিছিল আৰক্ষীয়ে তিনিটাকৈ চাউল ব্যৱসায়ীক আটক কৰাৰ কথা৷ আনহাতে, কিছুদিন পূৰ্বে বৰপেটাৰ দুখনকৈ সমবায় সমিতিত চলি থকা কেলেংকাৰীৰ বিৰুদ্ধেও অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অনুসন্ধানকাৰী বিষয়াই ৰুজু কৰিছিল দুটাকৈ গোচৰ ৷

লগতে পঢ়ক : মাটি দাদালি কৰি গ্ৰেপ্তাৰ হ’ল মণ্ডল গুলজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.