ETV Bharat / state

এজাক বৰষুণতে জহিখহি গ’ল নৱনিৰ্মিত পথ - corruption in MGNREGA road construction

ক'ভিড সৃষ্ট পৰিৱেশৰ আতংকৰ মাজতে কলগাছিয়াত এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ পথটো নিৰ্মাণত কলগাছিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য গৰাকীয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ 9 লাখ 38 হাজাৰ 494 টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল পথটো ৷

allegations-of-rampant-corruption-in-mgnrega-road-construction-in-kalgaasia
কলগাছিয়াত এনৰেগা আঁচনিৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jul 12, 2021, 10:47 PM IST

জনীয়া, 12 জুলাই : বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অধীনৰ কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আমগুৰি গাঁৱত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ প্ৰাপ্ত অভিযোগ মতে, চলিত বৰ্ষত এনৰেগা (MGNREGA) আঁচনিৰ অধীনত 9 লাখ 38 হাজাৰ 494 টকা ব্যায় সাপেক্ষে কলগাছিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য গিয়াচ উদ্দিনে বালি-মাটিৰে নিৰ্মাণ কৰিছিল এটা পথ ৷ কিন্তু এজাক বৰষুণতে ৰাস্তাটো জহি খহি যোৱাত যমৰ-যাতনা ভুগিব লগা হৈছে গাঁওখনৰ ৰাইজে ৷

ৰাস্তাটো বালি-মাটিৰে নিৰ্মাণ কৰি তথা ব্যাপক দুৰ্নীতি সংঘটিত কৰি সিংহ ভাগ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আঞ্চলিক সদস্য গিয়াছ উদ্দিন আৰু কলগাছিয়া মণ্ডল কংগ্ৰেছৰ সভাপতি নুৰুল হকৰ বিৰুদ্ধে ৷ পথটো বিললৈ নিৰ্মাণ কৰিব লাগিছিল যদিও অৰ্ধনিৰ্মিত কৰি থোৱাত পানী গচকি টুলুঙা নাৱেৰে পাৰাপাৰ হ'ব লগা হৈছে অঞ্চলটোৰ ৰাইজে ৷ অৱশ্যে ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাই এখন টুলুঙা নাৱৰ ব্যৱস্থা কৰিছে যদিও ৰাইজে টুলুঙা নাৱেৰে বিপদজনকভাৱে যাতায়ত কৰিব লগা হৈছে ৷

কলগাছিয়াত এনৰেগা আঁচনিৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

আনহাতে আমগুৰি বিল খনত এটা কালভাৰ্ট আছিল যদিও কালভাৰ্টটো ভাঙি যোৱাত তথা ভঙা কালভাৰ্ট মেৰামতি নকৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ ফলত গাঁওখনলৈ এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীকে ধৰি কোনো বাহন চলাচল কৰিব নোৱাৰাত দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে ৷ উপায়ন্তৰ হৈ শীঘ্ৰে ৰাস্তাটোৰ নিৰ্মাণত সংঘটিত হোৱা তদন্ত কৰাৰ লগতে যাতায়তৰ সুবিধা কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বিধানসভাত উত্থাপিত হ’ল বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.