ETV Bharat / state

Corruption in drain repairing: বৰপেটাত নলা মেৰামতিৰ নামত বৃহৎ অনিয়মৰ অভিযোগ - বৰপেটাত নলা মেৰামতিৰ নামত বৃহৎ অনিয়মৰ অভিযোগ

বৰপেটা পৌৰসভাৰ বি কে ৰোড (BK Road Barpeta Municipality) আৰু লোহিত চন্দ্ৰ নায়ক পথৰ কাষত থকা নলাটো মেৰামতি কৰিবলৈ আৱন্টিত হৈছিল ধন ৷ কিন্তু নলাটো মেৰামতিৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ(Corruption in drain repairing) ৷ স্থানীৰ ৰাইজৰ অভিযোগ, নলা নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যৱহাৰ কৰিছে নিম্নমানৰ সামগ্ৰী ৷ লগতে প্ৰাক কলন অনুসৰি কাম নকৰাৰো অভিযোগ ৷

Allegations of corruption in the name of drain repairing in Barpeta
বৰপেটাত নলা মেৰামতিৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
author img

By

Published : Nov 18, 2022, 6:40 PM IST

বৰপেটা, ১৮ নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন শিতানত আন্তঃগাথনি উন্নয়ণৰ নামত আৱন্টিত পুঁজিৰ ব্যৱহাৰৰ নামত ব্যাপক অনিয়মৰ বাতৰি সংবাদ মাধ্যমত প্ৰায়েই প্ৰকাশ পাই অহা পৰিলক্ষিত হয় ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে নলা মেৰামতিৰ নামত আৱন্টিত পুঁজিৰ অপচয়ৰ আন এক তথ্য ৷ বৰপেটাত নলা মেৰামতিৰ নামত সংঘটিত হৈছে বৃহৎ অনিয়ম ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ স্থানীয় ৰাইজৰ (Allegations of corruption in drain repairing) ৷

উল্লেখ্য যে বৰপেটা পৌৰসভাৰ বি কে ৰোড (BK Road Barpeta Municipality) আৰু লোহিত চন্দ্ৰ নায়ক পথৰ কাষত থকা নলাটো মেৰামতি কৰিবলৈ আৱন্টিত হৈছিল ধন ৷ কিন্তু নলাটো মেৰামতিৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ (Irregularities in name of drain repair) ৷ স্থানীৰ ৰাইজৰ অভিযোগ, নলা নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যৱহাৰ কৰিছে নিম্নমানৰ সামগ্ৰী ৷ লগতে প্ৰাক কলন অনুসৰি কাম নকৰাৰো অভিযোগ ৷

বৰপেটাত নলা মেৰামতিৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

প্ৰায় ৪০০ মিটাৰ দৈৰ্ঘৰ নলাটোৰ মেৰামতিৰ নামত প্ৰায় ৩ লাখ ২০ হাজাৰ টকা ধাৰ্য কৰিছিল বৰপেটা পৌৰসভাই ৷ পিছে নলাটোৰ মেৰামতিৰ সময়ত অতি নিম্নমানৰ ইটা ব্যৱহাৰ কৰিছে ঠিকাদাৰে ৷ তাৰোপৰি প্ৰাক কলন অনুসৰি নলাটোৰ পথৰ কাষৰ অংশত ১০ ইঞ্চি ইটা ব্যৱহাৰ কৰিব লাগে যদিও ঠিকাদাৰে ব্য়ৱহাৰ কৰিছে ৫ ইঞ্চি ইটাহে ৷

ঠিকাদাৰ আৰু পৌৰসভাৰ এনে অনিয়মৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ইতিমধ্যে নলা মেৰামতিৰ কাম বন্ধ কৰি দিছে স্থানীয় লোকে ৷ বৰপেটা চহৰত নলাৰ সমস্যাই ৰাইজক প্ৰায়ে দুৰ্ভোগ ভোগাই আহিছে যদিও নলাসমূহ উপযুক্তভাৱে নিৰ্মাণৰ ক্ষেত্ৰত পৌৰসভাই নলয় কোনো ব্যৱস্থা ৷

লক্ষ্যণীয় ভাৱে য’ত ৫ ইঞ্চি গাঠনিৰে নলা নিৰ্মাণ কৰা হৈছিল, তাত মেৰামতিৰ সময়ত ১০ ইঞ্চি ইটা গাঠিবলৈ পৌৰসভাই প্ৰাক কলন প্ৰস্তুত কৰিছে ৷ ৫ ইঞ্চিৰ নলাৰ দেৱালৰ ওপৰত ১০ ইঞ্চিৰ ইটা গাঠিবলৈ প্ৰাক কলন প্ৰস্তুত কৰি পৌৰসভাৰ অভিযন্তা, ঠিকাদাৰ আৰু জনপ্ৰতিনিধিয়ে চৰকাৰী ধন লুন্ঠনৰ অভিসন্ধি ৰচাৰো অভিযোগ ৰাইজৰ ৷ অৱশ্যে এইক্ষেত্ৰত বৰপেটা পৌৰসভাৰ পৌৰপতিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: বঙাইগাঁৱৰ চৰকাৰী চিকিৎসালয়ত নিগনিৰ বিষ্ঠাযুক্ত খাদ্য যোগান ধৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.