জনীয়া, 30 মাৰ্চ: কলগাছিয়াৰ ৰূপসী উন্নয়ণ খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ | লক্ষাধিক টকাৰ চৰকাৰী গছ কাটি নিশাৰ অন্ধকাৰত বিক্ৰীৰ অভিযোগ খণ্ড উন্নয়ন বিষয়া আৰু আঞ্চলিক সভাপতিৰ বিৰুদ্ধে (Corruption in Rupshi development block)।
কলগাছিয়াৰ ৰূপসী উন্নয়ণ খণ্ডৰ চৌহদত থকা লক্ষাধিক টকা মূল্যৰ ৯ জোপাকৈ চেগুণ গছ নিশাৰ অন্ধকাৰত খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী আৰু ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনে মিলি বিক্ৰী কৰা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ আজি কলগাছিয়া অঞ্চলৰ স্থানীয় ৰাইজে ৰূপসী উন্নয়ন খণ্ডৰ সন্মুখত উপস্থিত হৈ এই দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে এই দুয়োগৰাকী দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰাইজে (Protest Against Corruption in Kalgachia) ৷
উল্লেখযোগ্য যে, ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন আৰু খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে লগ লাগি গছ সমূহ বিক্ৰী কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ লগতে ২০ ৰ পৰা ৫০ হাজাৰ টকাৰ বিনিময়ত উন্নয়ন খণ্ডৰ চাৰিওফালে থকা মাটিত দোকানৰ আকাৰ বঢ়াবলৈ অনুমতি দিয়াত ক্ষুদ্ধ হৈ পৰিছে ৰাইজ(Corruption in Rupshi development block Barpeta) ৷
কিছুদিন পূৰ্বেও এনে অনুৰূপ ঘটনা সংঘটিত কৰিছিল খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে ৷ কাকো কেৰেপ নকৰা খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে টকাৰ বাবেই যি কোনো চৰকাৰী সা-সম্পত্তি বিক্ৰী কৰি দিব পাৰে বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ পূৰ্বে মন্দিয়া উন্নয়ন খণ্ডৰ দায়িত্বত থকা অৱস্থাত বিভিন্ন দুৰ্নীতিৰ অভিযোগত এইগৰাকী নৱৰত্ন পাটোৱাৰী নিলম্বন হৈছিল ৷
আনহাতে ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ বিৰুদ্ধেও বিভিন্ন সময়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ থাকে যদিও এই অভিযোগবোৰলৈ কোনো গুৰুত্ব প্ৰদান নকৰে বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত নৱৰত্ন পাটোৱাৰী মুৰ্দাবাদ, দুৰ্নীতি বন্ধ কৰক, নৱৰত্ন পাটোৱাৰীক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে | অতিশীঘ্ৰে এই দুৰ্নীতিৰ তদন্ত হোৱাৰ লগতে খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী আৰু ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷