ETV Bharat / state

Scam in erosion protection: গৰাখহনীয়া প্ৰতিৰোধৰ কামত দুৰ্নীতিৰ অভিযোগ - corruption in erosion protection project

বাৰিষা সমাগত ৷ এই বৰ্ষত বাৰিষাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বান হোৱা অঞ্চলসমূহকে ধৰি গৰাখহনীয়া হোৱা অঞ্চলসমূহত তৎপৰতাৰে মথাউৰি নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশনা দিছিল ৷ কিন্তু ইয়াৰ মাজতে কলগাছিয়াৰ মাজেৰে বৈ যোৱা বেকী নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে (Kalgachia Erosion Protection project scam) ৷

Kalgachia Erosion Protection project scam
গৰাখহনীয়া প্ৰতিৰোধৰ কামত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Mar 7, 2023, 10:15 PM IST

গৰাখহনীয়া প্ৰতিৰোধৰ কামত দুৰ্নীতিৰ অভিযোগ

জনিয়া, 7 মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলৰ বাবে অভিশাপস্বৰূপে পৰিগণিত হৈ আহিছে বেকী নদী ৷ প্ৰতিটো বৰ্ষতে কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেকী নদীয়ে আমগুৰি, সূতিৰপাথাৰ আৰু শওপুৰ অঞ্চলত গৰাখহনীয়া সৃষ্টি কৰাৰ লগতে নদীখনৰ বাবে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে গাঁওবাসী ৷ ইয়াৰোপৰি আমগুৰি-কৰাৰকুৰ সংযোগী পথৰ ভালেখিনি ঠাই বেকী নদীৰ বুকুত জাহ গৈছে ৷

শেহতীয়াকৈ নদীখনত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিশ্ব বেংকে অনুমোদন অনুসৰি প্ৰশাসনে কাম আৰম্ভ কৰিছিল (Kalgachia Erosion Protection project) ৷ কিন্তু পৰিতাপৰ কথা যে, খহনীয়া প্ৰতিৰোধৰ কামৰ আৰম্ভনিতেই দুৰ্নীতি সংঘটিত হোৱাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে (Erosion Protection project Irregularities )। জানিব পৰামতে বিভাগীয় অভিযন্তাৰ খামখেয়ালিৰ বাবে নিয়ম বহিঃৰ্ভূতভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰি আছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে (Erosion Protection project scam) ৷

স্থানীয় লোকে কোৱা অনুসৰি অতি নিম্নমানৰ কাম কৰিছে বিভাগীয় অভিযন্তাই (Locals protest against engineer) ৷ উল্লেখ্য যে কেইমাহমান আগত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শওপুৰ বেকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিছিল ৷ তেতিয়াতে ২০২২ বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহতেই গৰখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷ তাৰ পিচতো পলমকৈ হ’লেও ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কাম আৰম্ভ কৰে যদিও অতি লেহেমীয়া গতিত কাম আৰম্ভ হৈছে ৷

লগতে পঢ়ক: Youth suicide case: আধৰুৱা হ’ল চিকিৎসক হোৱাৰ সপোন; পৰীক্ষাত অনুতীৰ্ণ হৈ আত্মহনন ছাত্ৰৰ

এই কামৰ দায়িত্বত থকা অভিযন্তা জনৈক ৰহমানৰ নিৰ্দেশমতে কাম ইমানেই লাহে লাহে কৰা হৈছে এনে গতিত গৈ থাকিলে কাম বাৰিষালৈ শেষেই নহ’ব ৷ সেইবাবে স্থানীয় ৰাইজে শীঘ্ৰে এই কাম সুচাৰুৰূপে কৰাৰ লগতে দায়িত্বত থকা অভিযন্তাক বৰ্খাস্ত কৰি নতুন অভিযন্তা নিয়োগ কৰিব লাগে বুলি আহ্বান জনাইছে।

স্মৰ্তব্য যে, ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ বাৰিষাৰ পূৰ্বে ৰাজ্যৰ গৰাখহনীয়া আৰু বান হোৱা অঞ্চলসমূহত প্ৰতিৰোধৰ কাৰণে অত্যাধুনিক প্ৰক্ৰিয়াৰে মথাউৰি নিৰ্মাণৰ বাবে নিৰ্দেশনা দিছিল ৷ সেই নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰাখহনীয়া প্ৰতিৰোধ আৰু বান প্ৰতিৰোধাৰ কাম তৎপৰতাৰে চলি আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.