জনীয়া, 12 নৱেম্বৰ: বৰপেটা জিলাৰ আলিপুৰ উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এএনএম ৰ বিৰুদ্ধে কৰ্মত অৱহেলাৰ অভিযোগ ৷ ৰাইজৰ অভিযোগ জিলাখনৰ মন্দিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ আলিপুৰ উপ-স্বাস্থ্য কেন্দ্ৰটোৰ পৰা তেওঁলোক চিকিৎসা সেৱাৰ ক্ষেত্ৰত কোনো সা-সুবিধা লাভ কৰা নাই ৷

ক্ষুব্ধ ৰাইজে কয় যে ৰাজ্যৰ বহু প্ৰতাপী স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ একাংশ নাৰ্চ, ডাক্টৰ তথা কৰ্মচাৰীয়ে যে মন্ত্ৰী গৰাকীক কেৰেপ নকৰে আলিপুৰ উপ-স্বাস্থ্য কেন্দ্ৰই তাৰে প্ৰমাণ দাঙি ধৰিছে ৷ ৰাইজৰ অভিযোগ উপ স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত এএনএম স্বহৰ ভানু আৰু সাজেদা খাতুনে কৰ্মত কৰা অৱহেলাৰ বাবে তেওঁলোকে স্বাস্থ্য কেন্দ্ৰটোৰ পৰা কোনো সুবিধা লাভ কৰিব পৰা নাই ৷
ক্ষুব্ধ ৰাইজে লগতে কোনো এগৰাকী কৰ্মীয়েই নিয়মীয়াকৈ স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত থাকি সেৱা আগ নবঢ়োৱাৰ অভিযোগ উত্থাপন কৰে আৰু কয় যে কোনো সময়ত ৰাইজে ফোন কৰিলেও স্বাস্থ্যকৰ্মী দুগৰাকীয়ে ফোনৰ প্ৰতি সঁহাৰি নিদিয়ে ৷
উল্লেখ্য যে ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা দল গৈ উপ-স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হোৱাত এগৰাকী এএনএমৰ কেম্প আছো বুলি জনোৱাৰ বিপৰীতে অন্য গৰাকী আহি দিনৰ প্ৰায় 11:15 বজাত উপস্থিত হয় ৷
লগতে পঢ়ক: আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ