বৰপেটা, ১২ জানুৱাৰী : দেশত পুনৰ ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Covid cases increased in India)। ৰাজ্যৰ ভিন্ন প্ৰান্ততো ক'ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । অসম চৰকাৰে নতুনকৈ প্ৰকাশ কৰা ক'ভিড SOP পালনৰ ক্ষেত্ৰত বৰ্তমান কঠোৰ হৈছে ৰাজ্য প্ৰশাসন । ইয়াৰ মাজতে কঠোৰ হৈছে বৰপেটা জিলা প্ৰশাসনো ।
ইতিমধ্যে বৰপেটাত বাতিল কৰা হৈছে সকলো ধৰণৰ ৰাজহুৱা সভা, মেলা, ধৰ্মীয় উৎসৱ ইত্যাদি (All public events cancelled in Barpeta)। সেয়ে প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি ক'ভিড পৰিস্থিতিৰ বাবে আধাতে সামৰণি পৰিল বৰপেটাত অনুষ্ঠিত ৰাজ্যিক বক্সিং প্ৰতিযোগিতাৰ ৷ বৰপেটা জিলা পুথিভঁৰালত অনুষ্ঠিত ৪২ সংখ্যক সদৌ অসম আন্তঃজিলা এমেচাৰ জুনিয়ৰ ল'ৰা আৰু ছোৱালীৰ বক্সিং প্ৰতিযোগিতাখন শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এদিন পূৰ্বেই সামৰণি মাৰিব লগা হয় ৷
ইফালে উক্ত প্ৰতিযোগিতাখনত ল'ৰা শাখাত শ্ৰেষ্ঠ দলীয় খিতাপ দখল কৰে দেৰগাঁও দলে আৰু ছোৱালীৰ শ্ৰেষ্ঠ দলীয় শাখাৰ খিতাপৰ অৰ্জন কৰে মাজুলী দলে ৷ লগতে প্ৰতিযোগিতাখনত দেৰগাঁওৰ ওহিদুৰ ৰহমান আৰু প্ৰান্তিকা গগৈয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, ৰাজ্যৰ ২২১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনৰ কাৰ্যসূচীত অলিম্পিয়ান লাভলীনা বৰগোহাঁই, লাভলীনাৰ প্ৰশিক্ষক পদুম বড়ো আৰু ৰাজ্যৰ যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও অংশগ্ৰহন কৰিছিল ৷ ইপিনে বৰপেটাত ক্ৰীড়াৰ আন্তঃগাঠনিৰ উন্নয়নৰ বাবে এখন ইণ্ডোৰ ষ্টেডিয়াম আৰু এটা ছুইমিং পুল নিৰ্মাণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় ক্ৰীড়া সংগঠক গৌতম দাসে ৷
লগতে পঢ়ক : বৰপেটাত লৌহ কন্যা লাভলীনা বৰগোঁহাইক ৰাজহুৱা সম্বৰ্ধনা