ETV Bharat / state

কি চলিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ভিতৰচ'ৰাত ?

author img

By

Published : Sep 5, 2021, 12:37 PM IST

সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ দুটা গোটৰ মাজত সৃষ্টি হৈছে বাক-বিতণ্ডা । একাংশ প্ৰাক্তন নেতাৰ বিৰুদ্ধে সৰৱ হৈছে বৰ্তমানৰ সমিতি । বৰপেটাৰোডত সংবাদমেল আয়োজন কৰি কি হুংকাৰ দিলে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ নেতাসকলে ?

Akrsu
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা

বৰপেটাৰোড, ৫ ছেপ্তেম্বৰ : সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় আৰু অৰাজনৈতিক ছাত্ৰ সংগঠন ৷ কিন্তু এচাম প্ৰাক্তন নেতাই আক্ৰাছুক নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰি সংগঠনটোৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আঁতৰাই ছাত্ৰ সংগঠনটোক দুৰ্বল কৰাৰ লগতে জন মানসত হেয় প্ৰতিপন্ন কৰিব বিচৰাতো অতি ঘৃণনীয় আৰু নিন্দনীয় বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দ্বীপেন ৰায় আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়ে ৷

শনিবাৰে বৰপেটাৰোড প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলৰ জৰিয়তে আক্ৰাছুৰ নেতৃত্বই কয় যে চলিত বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত অসম চৰকাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মন, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ, সাধাৰণ সম্পাদিকা সবিতা সিংহ, ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি কাৰ্তিক ৰায় আৰু বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠকক অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্ত কৰে ৷

Barpeta
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা

ইয়াৰ পাছতে আক্ৰাছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে আনুষ্ঠানিক সভা অনুষ্ঠিত কৰি পৰিষদত অন্তৰ্ভুক্ত হোৱা সকলক সংগঠনৰ পৰা অব্যাহতি দিয়ে । কিন্তু দুৰ্ভাগ্যজনক আৰু লজ্জাজনকভাৱে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত স্থান পোৱাৰ পাছতো উক্ত প্ৰাক্তন ছাত্ৰ নেতাসকলে সংবাদমেল অনুষ্ঠিত কৰি আক্ৰাছুৰ পূৰ্বৰ পদবীতে কাৰ্যনিৰ্বাহ কৰি যাব বুলি ঘোষণা কৰে । আনফালে বিগত বিটিআৰ আৰু অসম বিধানসভাৰ নিৰ্বাচনত প্ৰদীপ ৰায়, গোকুল বৰ্মনে পৰিষদৰ বিষয়ববীয়া বুলি বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ লগতে সম্বৰ্ধনা গ্ৰহণ কৰিছিল ।

তেনেক্ষেত্ৰত সেইসকল প্ৰাক্তন ছাত্ৰ নেতাই এতিয়া আক্ৰাছুক ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ উঠি পৰি লগাটো জাতিৰ বাবেই দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে বৰ্তমানৰ আক্ৰাছু নেতৃত্বই ৷ ইয়াতেই শান্ত নাথাকি অব্যাহতি দিয়া ব্যক্তিসকলে একাংশ ব্যক্তিকলৈ আক্ৰাছুৰ সংবিধান উলংঘা কৰি আক্ৰাছু আৰু মহিলা সমিতিৰ বিষয়ববীয়া বুলি জাহিৰ কৰি আক্ৰাছুৰ সংবিধান বিৰোধী কাম-কাজত লিপ্ত থকাৰ লগতে অকৰ্তৃত্বশীলভাৱে ৫ ছেপ্তেম্বৰত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰিছে ।

এই কথা আক্ৰাছুৰ কেন্দ্ৰীয় কমিটিৰ দৃষ্টিগোচৰ হোৱাৰ পাছত আক্ৰাছু আৰু কোচ ৰাজবংশীক জনগোষ্ঠীৰ জন মানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে আক্ৰাছুৰ প্ৰাক্তন উপদেষ্টা প্ৰদীপ ৰায়, প্ৰাক্তন সাধাৰণ সম্পাদক গোকুল বৰ্মন, কোচ ৰাজবংশী মহিলা সমিতিৰ প্ৰাক্তণ সভানেত্ৰী পূৰবী সৰকাৰ আৰু সাধাৰণ সম্পাদিকা সবিতা সিংহক গৰিহণা দিয়ে ।

আক্ৰাছুৰ বৰ্তমানৰ উপ সভাপতি ক্ষিতীশ বৰ্মন, সাংগঠনিক সম্পাদক কল্যাণ সিংহ, শান্ত ৰায়, নিৰ্মল চৌধুৰী আৰু কাৰ্যালয় সম্পাদক শিবানন বৰ্মনক আক্ৰাছুৰ সংবিধান উলংঘন কৰি কেন্দ্ৰীয় সমিতিৰ বিনা অনুমোদনত ৫ ছেপ্তেম্বৰত আক্ৰাছুৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা আহ্বান কৰাৰ বাবে নিজ নিজ পদৰ পৰা কিয় অব্যাহতি দিয়া নহ'ব, তাৰ বাবে কেন্দ্ৰীয় কমিটিক অহা এসপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব বুলিও সংবাদমেলত কয় ।

এসপ্তাহৰ ভিতৰত লিখিতভাৱে কেন্দ্ৰীয় কমিটিক অৱগত নকৰিলে সাংবিধানিকভাৱে উক্ত পদবীধাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কয় আক্ৰাছু নেতৃত্বই ৷ উক্ত সংবাদমেলতে আক্ৰাছুৰ বাক্সা জিলা সমিতি আৰু পশ্চিম কোকৰাঝাৰ জিলা সমিতি দুখন ভংগ কৰি দিয়া বুলি ঘোষণা কৰে সভাপতি দ্বীপেন ৰায়ে । পশ্চিম কোকৰাঝাৰ জিলা সমিতিখন খুব কম সময়ৰ ভিতৰতেই পুনৰ গঠন কৰাৰ কাৰণে আক্ৰাছুৰ মুখ্য সাংগঠনিক সম্পাদক পুলকেশ ৰায়, জিলা সমিতিৰ উপ সভাপতি সুধন বৰ্মন, জিলা সমিতিৰ প্ৰচাৰ সম্পাদক উৎপল ৰায়, উত্তম ৰায়ক দায়িত্ব দিয়া হয় ।

বাক্সা জিলা সমিতিখন গঠনৰ কাৰণে জিলা সমিতিৰ উপদেষ্টা নিৰঞ্জ বৰ্মন, কালপানী আঞ্চলিক সমিতিৰ উপদেষ্টা নবীন বৰ্মন, কুমাৰীকাটা আঞ্চলিক সমিতিৰ সভাপতি দীপক ৰায়, গোৱৰ্ধনাৰ অৰ্জুন দাসক দায়িত্ব দিয়া হয় । তাৰোপৰি আক্ৰাছুৰ দীৰ্ঘদিনীয়া পৃথক কমতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ দাবীত ২০ ছেপ্তেম্বৰত দিছপুৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব বুলিও উল্লেখ কৰে । আক্ৰাছুৰ দাবী পূৰণ নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে সংবাদমেলত ৷

লগতে পঢ়ক : খটখটীত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.