ETV Bharat / state

বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ - akhil gogois effigy burnt

বৰপেটাৰ কলগাছিয়াত এআইইউডিএফ(AIUDF)ৰ কৰ্মকৰ্তাৰ প্ৰতিবাদ । শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দল(RAIJOR DOL)ৰ সভাপতি অখিল গগৈ(AKHIL GOGOI)ৰ প্ৰতিকৃতি দাহ কৰে দলটোৰ জনীয়া সমষ্টিৰ নেতা-কৰ্মীসকলে । অখিল গগৈক বিজেপি(BJP)ৰ এজেন্ট আখ্যা দি তীব্ৰ সমালোচনা কৰে দলীয় কৰ্মকৰ্তাই ।

Akhil Gogoi's effigy burnt at Kalgachia
কলগাছিয়াত বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰি বিক্ষোভ প্ৰদৰ্শন
author img

By

Published : Aug 12, 2021, 1:15 PM IST

জনীয়া, ১২ আগষ্ট: এআইইউডিএফ(AIUDF)ৰ শীৰ্ষ নেতাৰ বিষয়ে কটু মন্তব্য কৰাৰ পাচতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে দলটোৰ নেতা-কৰ্মীসকল । বৃহস্পতিবাৰে বৰপেটাৰ কলগাছিয়া চাৰিআলি চকত এআইইউডিএফ(AIUDF)ৰ কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাইজৰ দল(RAIJOR DOL)ৰ সভাপতি অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে দলটোৰ নেতা-কৰ্মীসকলে । অখিল গগৈয়ে এআইইউডিএফ দলক আৰু মৌলানা বদৰুদ্দিন আজমল আৰু আমিনুল ইছলামক সাম্প্ৰদায়িক আখ্যা দিছিল ।

ইয়াৰ পাচতে দলটোৰ কৰ্মকৰ্তাসকল ক্ষুদ্ধ হৈ পৰিছে । অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে অখিল গগৈ মুৰ্দাবাদ শ্ল'গানেৰে কলগাছিয়া চাৰিআলি চক উত্তাল কৰি তোলে । এআইইউডিএফৰ কৰ্মকৰ্তাৰ মতে, অখিল গগৈৰ আচলতে কোনো ৰাজনৈতিক দলেই নাই । অখিল গগৈক চান্দাবাজ আখ্যা দিয়ে দলৰ কৰ্মকৰ্তাসকলে । চুপাৰী মাফিয়াকে ধৰি বিভিন্ন লোকক ধন দাবী কৰি অখিলে বিভিন্ন সময়ত চান্দাবাজী কৰাৰ অভিযোগ তুলিছে দলটোৰ নেতা-কৰ্মীসকলে ।

এআইইউডিএফৰ পৰাও অখিল গগৈয়ে ধন বিচাৰিছিল বুলি অভিযোগ উত্থাপন কৰি দলটোৰ নেতা-কৰ্মীসকলে শিৱসাগৰৰ বিধায়কগৰাকীক বিজেপিৰ এজেন্ট বুলিও আখ্যা দিয়ে ।

দলটোৰ কৰ্মকৰ্তাই জনোৱা মতে, ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে মহাজোঁটৰ ১৭ গৰাকীকৈ প্ৰাৰ্থীক ভোট বিভাজনৰ জৰিয়তে পৰাজিত কৰি বিজেপি প্ৰাৰ্থীক জয়ী হোৱাৰ বাট মুকলাই দিছিল । আগন্তুক উপ-নিৰ্বাচনতো মহাজোঁটৰ মাজত অখিল গগৈয়ে আউল লগাবলৈ চেষ্টা কৰি আছে বুলি অভিযোগ তুলিছে এআইইউডিএফে । দলটোৰ নেতৃত্বই দাবী কৰা মতে, জন্মলগ্নৰ পৰা দলটোৱে আজিলৈকে কোনো সাম্প্ৰদায়িক কাম কৰা নাই । অখিল গগৈক অনাগত দিনত এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে দলটোৰ জনীয়া সমষ্টিৰ নেতৃবৰ্গই ।

উল্লেখ্য যে, শেহতীয়াকৈ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল । তেওঁ অভিযোগ তোলে যে, অখিল গগৈয়ে দল গঠনৰ বাবে এআইইউডিএফৰ পৰা ১০ কোটি টকা বিচাৰিছিল । এই অভিযোগৰ প্ৰত্যুত্তৰত ৰাইজৰ দলৰ নেতাগৰাকীয়ে তেওঁ সাম্প্ৰদায়িক আখ্যা দিয়াৰ লগতে তেওঁক ফটুৱা বুলি কটাক্ষ কৰে ।

লগতে পঢ়ক:ৰাজধানী দিল্লীত স্বাধীনতা দিৱস উদযাপনৰ অনুশীলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.