জনীয়া, 12 জুলাইঃ অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা ৰাজহুৱা কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে সংবাদ মাধ্যমযোগে কৃষক নেতা অখিল গগৈৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয় যে, কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতো অখিল গগৈৰ স্বাস্থ্যক লৈ সোণোৱাল চৰকাৰে ভয়ংকৰ আৰু নিকৃষ্ট ৰাজনীতি কৰিছে ৷
'কা' আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে সোণোৱাল চৰকাৰখনে ইটোৰ পিছত সিটো ভুৱা গোচৰ দি কৃষক নেতা অখিল গগৈকে ধৰি কেইবাজনো নেতাক দীৰ্ঘদিন ধৰি কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে ৷ ইতিমধ্যে অখিল গগৈকে ধৰি বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ কৰ'ণাত আক্ৰান্ত হোৱা বুলি বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন বাতৰি সম্প্ৰচাৰ হোৱাৰ উপৰিও নেতা কেইজনৰ মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷
আনহাতে, অখিল গগৈয়ো কৰ'ণাত আক্ৰান্ত হোৱা বুলি আন এক বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে নেতাজনৰ উপযুক্ত চিকিৎসাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে গুৰুতৰভাৱে অসুস্থ হোৱা অখিল গগৈক আবেলি ৫ বজাৰ পৰা কাৰাগাৰত ৰাখি নিশা ১২ বজাৰ পাচতহে GMCH লৈ কিয় আনিলে বুলি চৰকাৰক প্ৰশ্ন কৰে কৃষক নেতা আশ্ৰাফুল ইছলামে ৷ লগতে নেতাজনক এইদৰে মানসিক অত্যাচাৰ চলোৱাৰ বাবে ধিক্কাৰ দিয়ে চৰকাৰখনক ৷ সংবাদ মাধ্যমৰ পৰা অখিল গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থা লুকাই ৰাখি চিকিৎসালয়ত গোপনে ভৰ্তি কৰাৰ কথাটো আন এক ষড়যন্ত্ৰ বুলি কয় । এবাৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত কৰ'ণাৰ অজুহাতত অখিল গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে তেওঁৰ পৰিয়ালৰ লোকক খবৰ ল'বলৈ যাবলৈ নিদিয়ে বুলি চৰকাৰক তীব্ৰ কটাক্ষ কৰে নেতাজনে ৷
আনহাতে, অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থাক লৈ ৰাজ্যবাসী উদ্বিগ্ন হৈ পৰিছে । অতি শীঘ্ৰে অখিল গগৈৰ স্বাস্থ্য সম্পৰ্কে অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগে সকলো কথা ৰাজহুৱাভাৱে স্পষ্ট কৰিব লাগে । চিকিৎসকসকলৰ বিশেষজ্ঞ সমিতিয়েও অখিল গগৈৰ সাম্প্ৰতিক স্বাস্থ্য সম্পৰ্কে অসমৰ ৰাইজক জনাব লাগে বুলি দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে ৷
লগতে পঢ়ক-স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবেই যুৱকৰ মৃত্যুৰ অভিযোগ