ETV Bharat / state

AJP Joining Meeting in Barpeta: অসমৰ ইতিহাসত ৰাইজে আটাইতকৈ জঘন্যভাৱে গালি পৰা মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা; দুলু আহমেদ

author img

By

Published : Aug 13, 2023, 10:35 PM IST

মুখ্যমন্ত্ৰীক সমালোচনা অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ ৷ অসমৰ ৰাজনীতি কলংকিত কৰা ব্যক্তি গৰাকীয়েই হ’ল এতিয়াৰ মুখ্যমন্ত্ৰী গৰাকী বুলি মন্তব্য কৰে নেতাজনে ৷

AJP Leader Dulu Ahmed Slams CM Himanta Biswa Sarma
বৰপেটাৰ ভেল্লাত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সমালোচনা অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ

বৰপেটা ১৩ আগষ্ট : "অসমৰ মানুহে বুজি উঠিছে যে বিজেপিয়েই হওক বা এআইউডিএফ দুয়োটা সাম্প্ৰদায়িক দল ৷ ৰাতিপুৱা শুই উঠাৰ পৰা মুখ্যমন্ত্ৰীৰ মুখত কেৱল সাম্প্ৰদায়িক কথা ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ ৷ বৰপেটাত দেওবাৰে অনুষ্ঠিত হোৱা অজাপৰ এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অজাপৰ নেতাজনে ৷

তেওঁ কয় যে, অসমৰ ইতিহাসত ৰাইজে আটাইতকৈ জঘন্যভাৱে গালি পৰা মুখ্যমন্ত্ৰীগৰাকী হ’ল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তথাপিতো তেওঁৰ লাজ নাই ৷ ৰাতিপুৱাৰ পৰা কেৱল তেওঁৰ মুখত সাম্প্ৰদায়িক কথা ৷ অজাপৰ নেতাগৰাকীয়ে পুনৰ কয় যে, 2015 চনলৈ এইগৰাকী ব্যক্তি এগৰাকী নিৰপেক্ষ আৰু ভাল ৰাজনীতিক আছিল ৷ কিন্তু যেতিয়া তেওঁ বিজেপিত যোগদান কৰিলে তেওঁ এটা কথা বুজিব পাৰিলে যে মুছলমানক গালি নাপাৰিলে আৰু ক্ষমতাৰ ৰাজনীতিত থাকিব নোৱাৰিব ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুছলমানক গালি পৰাৰ প্ৰশিক্ষণ বদৰুদ্দিন আজমলে দিছে বুলি মন্তব্য কৰে নেতাজনে ৷

হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত নাছিল বুলিও উল্লেখ কৰে দুলু আহমেদে ৷ তেওঁ কয় যে, অসমৰ ৰাজনীতি কলংকিত কৰা ব্যক্তি গৰাকীয়েই হ’ল মুখ্যমন্ত্ৰীগৰাকী ৷ তেওঁ কেৱল চিঞৰ-বাখৰ কৰি কথা ক’বহে পাৰে কিন্তু একো কৰিব নোৱাৰে বুলি মন্তব্য কৰে নেতাজনে ৷

অজাপৰ নেতাগৰাকীয়ে পুনৰ কয় যে বদৰুদ্দিন আজমলে ধুবুৰী আৰু বৰপেটাৰ ৰাজনৈতিক পৰিৱেশ বিষাক্ত কৰিছে ৷ সাম্প্ৰদায়িক ক্ষমতাৰ বাবে হাজো সামষ্টিক এচ চি কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ তেখেতে যিমানেই হিন্দু ভোট একত্ৰিত কৰি মুছলমান সমাজক গালি নাপাৰক কিয়, হিন্দু ভোটাৰ সকলেই এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ বাবে বাবে কাল হৈ পৰিব ৷ তাৰ কাৰণে বেছি দিন বাট চাব নালাগে, 2024ৰ লোকসভা নিৰ্বাচনতে দেখিবলৈ পাব বুলি কয় নেতাজনে ৷

উল্লেখ্য যে, বৰপেটাৰ ভেল্লাত দেওবাৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ ভেল্লা আঞ্চলিক সমিতিৰ বাৰ্ষিক অভিৱৰ্তন আৰু যোগদান কাৰ্যসূচী ৷ দলটোৰ যুৱ বাহিনীৰ সাংগঠনিক সম্পাদক ইফতিকাৰ হুছেইন মিঠুনৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠানত ভেল্লা অঞ্চলৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা-কৰ্মী, এ আই ইউ ডি এফ, কংগ্ৰেছকে ধৰি কেইবাশ লোকে অসম জাতীয় পৰিষদ দলত যোগদান কৰে ৷

অনুষ্ঠানটোত অসম জাতীয় পৰিষদ দলৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজু ফুকন, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, যুৱ নেতা উদ্দীপজ্যোতি গগৈ, সাংগঠনিক সম্পাদক গোবিন্দ গায়ন, নেতা মামুল আলী, চহিদুল ইছলাম, দুলুমনি দাস প্ৰমুখ্যে কেইবাগৰাকী নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ আঁৰত আছে ৰাজনৈতিক অভিসন্ধি; দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.