ETV Bharat / state

বৰপেটাত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী

author img

By

Published : Oct 21, 2020, 7:54 PM IST

বুধবাৰে বৰপেটাৰ তৰুণ ৰাম ফুকন হলত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী ৷ প্ৰায় ৪০০ লোকে যোগদান কৰে অসম জাতীয় পৰিষদত ৷

অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী
অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী

বৰপেটা, 21 অক্টোবৰ: বুধবাৰে বৰপেটাৰ তৰুণ ৰাম ফুকন হলত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী ৷ জাতীয় পৰিষদৰ বৰপেটা জিলা আহ্বায়ক সমিতিয়ে অনুষ্ঠিত কৰে যোগদান অনুষ্ঠান ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৪০০ লোকে যোগদান কৰে অসম জাতীয় পৰিষদত ৷ যোগদান কাৰ্যসূচীত উপস্থিত থাকি দলটোৰ আহ্বায়ক অদীপ ফুকনে মন্তব্য কৰে যে, যোৱা চাৰে চাৰিটা বছৰত ৰাইজৰ অভিজ্ঞতা হ'ল ৷ বিজেপিক বহু আশা কৰিছিল ৰাইজে পৰিৱৰ্তন আনিব জনগণৰ পক্ষত থাকি ৷ অৱশেষত বিজেপিক উৎখাত কৰাৰ বাবে ৰাইজ একত্ৰিত হৈছে বিভিন্ন আঞ্চলিক দল একত্ৰিত হৈছে ৷ জাতীয় পৰিষদে জনগণৰ কথা উপলব্ধি কৰিছে আৰু সকলোৱে ঐক্যৱদ্ধভাৱে ২০২১ ত আঞ্চলিক ৰাজনৈতি দল গঠন কৰিম ৷ এটা সমষ্টিত যাতে এগৰাকীকৈ আঞ্চলিক দল বিজয়ী হ'ব পৰা প্ৰাৰ্থী থাকে তেনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

বৰপেটাত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী

আনহাতে অসমৰ কথা অকল অঞ্চলিক ৰাজনৈতিক দলে চিন্তা কৰিব, দিল্লী-নাগপুৰৰ নিৰ্দেশত চলা চৰকাৰে অসমৰ কথা চিন্তা কৰিব নোৱাৰে বুলিও মন্তব্য কৰে তেওঁ ৷ লগতে অগপ দলৰ লগত মিত্ৰতা সম্পৰ্কত কৰা প্ৰশ্নত অদীপ ফুকনে কয়, বিভিন্ন সময়ত অসম বিৰোধী কামৰ সৈতে দলটো জড়িত হৈ পৰিছে ৷ গতিকে অগপৰ লগত মিত্ৰতা কৰা অসম্ভৱ ৷

লগতে পঢ়ক: ৰঙিয়াৰ ব্ৰীগফিল্ড কলনীত দুৰ্গা পূজাৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.